নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্বতঝোৰাত বন বিভাগৰ অভিযানত তিনিটা কাঠফলা মিলসহ বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ

নিয়মীয়া বাৰ্তা, ১৫,মাৰ্চ : পৰ্বতঝোৰা বন সংমন্ডলৰ অন্তৰ্গত খোৰাঘাট বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধী ভেলাকোবা অঞ্চলত পৰ্বতঝোৰা বন সংমন্ডল বিষয়াৰ নিৰ্দ্দেশত বন বিভাগৰ দলে অভিযান চলাই তিনি টা অবৈধ কাঠ ফলা মিল জব্দ কৰাৰ লগতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত বাতৰি মতে,  পৰ্বতঝোৰা বন সংমন্ডল বিষয়া জয়ন্ত কুমাৰ ব্ৰক্ষ্মৰ নিৰ্দেশত কালি পৰ্বতঝোৰা বন সুৰক্ষা বাহিনীৰ বন বিষয়া ৰাজীব কাৰ দত্ত নেতৃত্বত বনকৰ্মীৰ দল আৰু খোৰাঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ দলে যৌথভাবে এক গোপন সূত্ৰৰ ভিত্তিত খোৰাঘাট বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধী ভেলাকোবা অঞ্চলত  পৰিকল্পিতভাবে অভিযান চলাই অবৈধভাবে চলাই থকা তিনিটা কাঠ ফলা মিল জব্দ কৰাৰ লগতে বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ জব্দ কৰিবলৈ সক্ষম হয় । বন বিভাগৰ অভিযান কালত চোৰাংকাঠ  সৰবৰাহকাৰী দলটোৱে পলাই পত্ৰাং দিয়ে । পিছত অভিযান কালত জব্দ কৰা তিনি কাঠ মিলৰ ভিতৰত দুটা পৰ্বতঝোৰা মহকুমাৰ এলেকাধী আৰু এটা  ধুবুৰী জিলাৰ এলেকাধীন ঠাইত কাঠ ফলাৰ ৰমৰমীয়া ব্যাৱসায় চলাই আছিল। পিছত ধুবুৰী জিলাৰ এলেকাধী ঠাইত জব্দ কৰা অবৈধ কাঠ ফলা মিলটো ধুবুৰী জিলাৰ বন বিভাগৰ ওচৰত জমা দিয়া হয় বুলি বন বিভাগৰ সূত্ৰত জানিবলৈ দিয়ে । লগতে জব্দ কৰা আন দুটা কাঠফলা মিল খোৰাঘাট বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়লৈ অনা হয় । আনহাতে  উক্ত অঞ্চলটোৰ পৰা অভিযান কালত বৃহৎ পৰিমাণৰ নন শাল গামাৰী আদি বিভিন্ন প্ৰকাৰৰ অবৈধ চোৰাং কাঠ জব্দ কৰি বন বিভাগৰ অভিযানকাৰী আঠখন ট্ৰেক্টৰযোগে খোৰাঘাট বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়লৈ অনা হয়। জব্দ কৰা চোৰাং কাঠ খিনিৰ মূল্য ৬ লক্ষাধিক টকা হব বুলি জানিব পৰা গৈছে ।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী

You might also like