নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“নিয়মীয়া বাৰ্তা”ৰ প্ৰভাৱঃ উজনি মাজুলীৰ বোকাজান বাপুচেলা, ন-ভঙাবাসীৰ যাতায়াতৰ অৰ্থে নিৰ্মাণ হ’ল নতুন দলং

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চ: প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ যাতায়াত যোগাযোগৰ উন্নতিয়ে মাজুলীয়ালৰ মন জয় কৰিছে যদিও এনে বহু অঞ্চল আছে যিবোৰ অঞ্চলৰ বাসিন্দাই আজিও যাতায়াতৰ বাবে হাৰাশাস্তি ভুগিব লগা হৈ আহিছে। বিগত পাঁচ বছৰত মাজুলীবাসীয়ে মুখ্যমন্ত্ৰীৰ পৰা বহু আঁচনি পালে, গাঁৱে গাঁৱে পকী পথ হল, হল পকী দলং ৷ এই পথসমূহৰ ভিতৰত অন্যতম উজনি মাজুলীৰ হাতীমুৰীয়া, নভঙাৰ পৰা বোকাজান সংযোগী শুকানসুতিৰ ওপৰত থকা বাঁহৰ সাঁকো দাল ৷ স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো এই সাঁকোত বিপদ সংকুল যাতায়াত অব্যাহত ৰাখিছে গাঁওবাসীয়ে ৷ সঘন দুৰ্ঘটনা সংঘটিত হৈ আহিছে এই বাঁহৰ সাঁকুত ৷ এই বাঁহৰ সাকোৰে যাঁওতেই পানীত পিছলি পৰাৰ বাতৰি আজি কিছু দিনৰ পূৰ্বে নিয়মীয়া বাৰ্তাত সৱিস্তাৰে প্ৰকাশ হোৱাৰ পিছত দৃষ্টিগোচৰ হয় শ্ৰীৰাম গাঁও পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱাৰ ৷ শ্ৰীৰাম গাঁও পঞ্চায়তৰ সভাপতি গৰাকীয়ে তৎপৰতাৰে ন-ভঙা, বাপুচেলাৰ পৰা বোকাজান সংযোগী স্থানত এখন দলং আৰু বাপুচেলাৰ পৰা কুটাইনাহৰনী , গৰৈমাৰিলৈ আনখন দলং নিৰ্মাণ কৰি উলিয়াই ৷ আজি এই দলং দুখনৰ ফিতা কাটি সভাপতি গৰাকীয়ে ৰাইজৰ যাতায়তৰ বাবে উৎসৰ্গা কৰে ৷ সভাপতি গৰাকীয়ে উদ্বোধনী অনুষ্ঠানত নিয়মীয়া বাৰ্তাৰ প্ৰতিনিধিয়ে এই ভিতৰুৱা অঞ্চলৰ ৰাইজৰ অন্যতম সমস্যা এই দলং দুখনৰ বাতৰি প্ৰচাৰ কৰি চৰকাৰী পক্ষৰ লগতে আমাকো দৃষ্টিগোচৰ কৰোৱাই ৰাইজৰ সেৱা কৰাৰ সুবিধা পাইছোঁ বুলি মন্তব্য কৰে ৷ সভাপতি গৰাকীয়ে চৰকাৰৰ সংশ্লিষ্ট বিভাগক এই ভিতৰুৱা অঞ্চলৰ ৰাইজৰ সুবিধা হোৱাকৈ এই দলং দুখন আৰু বিধস্ত পথ সমুহ পকী কৰনৰ ব্যৱস্থা লবলৈ আহ্বান জনাই ৷ চৰকাৰে জনসাধাৰনৰ বাবে কৰি অহা কাম সমুহৰ সম্পকেও জনসাধাৰনক অৱগত কৰে ৷ ইফালে আজি কিছু দিনৰ পূৰ্বে পথাৰলৈ যাঁওতে পানীত পৰি থকা কানমানি জনি ককবকাই থকা অৱস্থাত স্থানীয় এজন লোকে উদ্ধাৰ কৰাৰ দৰে পৰিৱেশ হোৱা বুলি নিজ মাতৃয়ে এই প্ৰতিবেদকক অৱগত কৰি বাঁহৰ হলেওঁ এই দলং খন লাভ কৰি সুখি হৈছোঁ বুলি মন্তব্য কৰি শ্ৰীৰাম গাঁও পঞ্চায়তৰ সভাপতি গৰাকীৰ তৎপৰতাৰ শলাগ লয় ৷ শ্ৰীৰাম গাঁও পঞ্চায়তৰ নিজা পুজিৰে নিৰ্মাণ কৰা এই দলং দুখনে বোকাজান , বাঘপাম , কোটাইনাহৰনী, গৰৈমাৰী , বাপুচেলা , ন-ভঙা , বেচামৰা , হাতীমুৰীয়া আদিকে ধৰি ১০/১৫ খন গাঁৱৰ ৰাইজৰ উপকাৰ হব বুলি স্থানীয় ৰাইজে মন্তব্য কৰে। চমু পথ হিচাপে বিবেচিত বোকাজান – ন-ভঙাৰ বাঁহৰ দলং খনেৰে নিতৌ শ্ৰীৰাম বনমালি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ফুলনি উচ্চতৰ মাধ্যমিক বিদ্যালয় , ৰঙাচাহী কলেজ , জেংৰাইমুখ কলেজলৈ অৰ্ধ শতাধিক ছাত্ৰছাত্ৰীয়ে যাতায়াত অব্যাহত ৰাখে ৷ এই ছাত্ৰছাত্ৰী সকলেও এই দলং দুখন লাভ কৰি সন্তোষ প্ৰকাশ কৰে ৷ ইফালে পকী দলং বিছাৰি স্থানীয় সচেতন সমাজে এই অঞ্চল সমুহৰ কেতয়া পৰিৰ্বতন হব , কেতিয়া উন্নয়নে স্পৰ্শ কৰিব বলি প্ৰশ্ন তুলি সৰ্বানন্দ সোনোৱালৰ উত্তৰসুৰীক মাজুলীৰ এই দুৰ্য্যোগ গ্ৰস্ত স্থান সমুহৰ উন্নয়ন সাধিব ৰ বাবে আহ্বান জনাই ৷ এই উদ্ধোধনী অনুষ্ঠানত পঞ্চায়তৰ স্থানীয় ৰাইজ , সমাজ সচেতক বুধিন বৰা , উদ্বেশ্বৰ পায়েং , দিলিপ কুটুম, সাংবাদিক প্ৰাঞ্জল খাউণ্ড , সঞ্জিত শইকীয়া , দুলাল শইকীয়াকে ধৰি বহু কেইজন লোক উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like