নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত কলঘৰৰ ২০ ফুট উচ্চতাৰ পৰা পৰি আহত শ্ৰমিক লক্ষী

বিশেষ বাৰ্তা, ৩০ মাৰ্চঃ ডিব্ৰুগড়ৰ সৰোজনী চাহ বাগিচাত মইনা নায়ক সদৃশ ঘটনাৰ পুনৰাবৃত্তি! টিংখাঙৰ সৰোজনী চাহ বাগিচাৰ কলঘৰত কৰ্মৰত অৱস্থাত ২০ ফুট উচ্চতাৰ ট্ৰাপৰ পৰা পৰি আঘাতপ্ৰাপ্ত হ’ল বাগিচাখনৰ লক্ষী মূড়া (৩৫) নামৰ শ্ৰমিকগৰাকী। সম্প্ৰতি ডিব্ৰুগড়ৰ অপেক্ষা হস্পিতালত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি আজি দিনৰ ভাগত ২০ ফুট উচ্চতাত উঠি লক্ষী মুড়াই কলঘৰৰ মেচিনত চাহপাত ঢালি থকাৰ সময়ত ট্ৰাপৰ পচা তক্তা ভাগি সৰি পৰে মহিলাগৰাকী। সেই সময়ত মহিলাগৰাকীৰ মূৰত নাছিল চেফটি হেলমেট। নাছিল কোনোধৰণৰ সুৰক্ষাজনিত ব্যৱস্থা। অসুৰক্ষিতভাৱে কাম কৰি দিয়াৰ ফলতেই ২০ ফুট উচ্চতাৰ ট্ৰাপৰ পৰি ঘূণীয়া হ’বলগীয়া হ’ল লক্ষী মূড়া নামৰ মহিলাগৰাকী। দূৰ্ঘটনাটোৰ ফলত মহিলা শ্ৰমিকগৰাকীৰ মূৰ আৰু কাণত যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে। লগে লগে বাগিচা কৰ্তৃপক্ষই শ্ৰমিকগৰাকীক উদ্ধাৰ কৰি ডিব্ৰুগড় অপেক্ষা হস্পিতাললৈ অনা হয়। সম্প্ৰতি অপেক্ষা হস্পিতালৰ আই চি ইউত চিকিৎসাধীন চলি আছে লক্ষী মূড়াৰ। অভিযোগ অনুসৰি সৰোজনী চাহ বাগিচা কৰ্তৃপক্ষৰ চৰম গাফলতি আৰু কলঘৰ পৰিদৰ্শকৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই দিনচেৰেক পূৰ্বে সংঘটিত হোৱা লেপেটকটা চাহ বাগিচাৰ শ্ৰমিক মইনা নায়ক সদৃশ ঘটনা পুনৰাবৃত্তি ঘটিল টিংখাঙৰ সৰোজনী চাহ বাগিচাত। ইফালে বাগিচাৰ কলঘৰত মহিলাক অসুৰক্ষিতভাৱে নিয়োজিত কৰাৰ বিষয়টোৱে এতিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সৰোজনী চাহ বাগিচাৰ স্বত্বাধিকাৰী বিজয় জৈনৰ ক্ষোভ উজাৰিছে বাগিচাৰ শ্ৰমিকসকল। আজি বাগিচাৰ কলঘৰৰ সন্মুখত সমবেত হৈ শ্ৰমিকসকল এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে। বাগিচা কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ কাৰণতে এই ঘটনা ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলি বাগিচাৰ মালিকপক্ষৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। শ শ শ্ৰমিক ওলাই আহি বহু সময় ধৰি বাগিচাৰ কলঘৰত উত্তাল কৰি তোলে। তিনিটা কন্যা সন্তানৰ মাতৃ লক্ষী মুড়াৰ এই ঘটনাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বামী বীৰেন মূড়াই। আঘাতপ্ৰাপ্ত পত্নীক আৰোগ্য কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বাগিচা কৰ্তৃপক্ষক। ইফালে অসম চাহ জনজাতি ছাত্র সন্থাই এই সমগ্ৰ ঘটনাটোক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। আটছাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বসন্ত কুৰ্মী, ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক লক্ষীন্দৰ কুৰ্মী, ডিব্ৰুগড় শাখা সমিতিৰ সাধাৰণ সম্পাদক সুনীল পাতৰে লক্ষী মূড়াৰ উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৫০ লাখ টকা ক্ষতিপূৰণ আদায় কৰিবলৈ দাবী জনাইছে বাগিচা কৰ্তৃপক্ষক। তদুপৰি চাহ বাগিচা আৰু কলঘৰত কৰ্মৰত শ্ৰমিকসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈকো দাবী জনাইছে। ইফালে লেপেটকটা বাগিচাৰ মইনা নায়কৰ উপৰি গোলাঘাট জিলাৰ ৰঙাগড়া চাহ বাগিচাৰ দীপক ভূঞা, তালাপ চাহ বাগিচাৰ বিনোদ মিঞ্জ, বিচাকুপি চাহ বাগিচাৰ চুক্ৰাম মাচি, দৈদাম চাহ বাগিচাৰ শ্ৰমিক শংকৰ ওৰাং, চেলেংহাট চাহ বাগিচাৰ ৰাজু পানতাঁতী, চুইকটা চাহ বাগিচাৰ প্ৰেমী এক্কা,মৃত শ্ৰমিক-ৰশ্মি তাঁতী, চামদাং চাহ বাগিচাৰ সম্ভূ তাঁতীৰ দৰে শ্ৰমিকসকলৰ জীৱন ঘূণীয়া হ’বলগীয়া হ’ল। আনকি ঔফুলীয়া চাহ বাগিচাৰ শ্ৰমিক ছুইটু পাহাৰীয়া, নামৰূপৰ ৰশ্মিতা তাঁতীৰ দৰে শ্ৰমিকসকল প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ পিছতো শিক্ষা নহ’ল বিয়াগোম শ্ৰম বিভাগ।

প্ৰেৰক বিভাস দুৱৰা

You might also like