নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙৰ ইটাভাতাত পুৰুষ-মহিলা শ্ৰমিকক তলা বন্ধ কৰি আবদ্ধ

বিশেষ বাৰ্তা, ১৯ নৱেম্বৰ : এক আজব ঘটনা সংঘটিত হৈছে কাৰ্বি আংলঙৰ ইটা ভাটাত। ১০ গৰাকী পুৰুষ-মহিলা শ্ৰমিকক শিশু সন্তানসহ পাঁচ দিন ধৰি তলা বন্ধ কৰি আৱদ্ধ কৰি ৰাখিছে এটা ইটাভাতাৰ মালিকে।‌ এই ঘটনা সংঘটিত হৈছে কাৰ্বি আংলঙৰ মাঞ্জাস্থিত এটা ইটা ভাটাত। ইটাভাতাটোৰ গৰাকী সুৰেশ সিং। মাঞ্জাৰ ৯ মাইলৰ ‘মেচাৰ্ছ ৰাখী ব্ৰিকছ’ নামৰ ইটাভাতাৰ গৰাকী সুৰেশ সিঙে ইয়াতন নেচা নামৰ মহিলা এগৰাকীক ২০গৰাকী শ্ৰমিক যোগান ধৰাৰ বাবে চাৰি লাখ তিনি হেজাৰ টকা আদায় দিছিল। ইয়াতন নেচাই ১০গৰাকী শ্ৰমিকহে আনিবলৈ সক্ষম হয়। ইয়াতে খৰ্গহস্ত হৈ ইটাভাতাটোৰ গৰাকী সুৰেশ সিঙে পুৰুষ-মহিলা শ্ৰমিকৰ দলটোক ৫ দিনে তলা বন্ধ কৰি আৱদ্ধ কৰি ৰাখে। পৰ্যাপ্ত শ্ৰমিক নোহোৱা বাবে ইটাভাতাটোৰ গৰাকী সুৰেশ সিঙৰ ৮ লাখ টকা লোকচান হোৱা বুলি প্ৰকাশ কৰি এই ধনৰাশি আদায় দিলেহে শ্ৰমিকসকলক মোকলাই দিয়া হ’ব বুলি হুংকাৰ দিয়ে। প্ৰাপ্ত খবৰ মতে, বৰপেটা জিলাৰ বাঘবৰ থানাৰ অন্তৰ্গত গোবিন্দপুৰ, মিলিজুলি, বৰদলনী আদি স্থানৰ শ্ৰমিকসকলক বিগত পাঁচ দিনে তলা বন্ধ কৰি আৱদ্ধ কৰি ৰখাৰ বিষয়ে জানিব পাৰি ডিফুৰ সাংবাদিকৰ এটি দল ইটাভাতাটোত উপস্থিত হৈ আৰক্ষীক অৱগত কৰে। পাছত আৰক্ষীয়ে ইটাভাতাটোত তদন্ত অব্যাহত ৰাখি আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ ব্যৱস্থা কৰে। উল্লেখ্য যে ইটাভাতাটোত বিগত পাঁচ দিনে তলা বন্ধ কোঠাত শ্ৰমিকসকলৰ লগতে কণ কণ শিশু সন্তানো আৱদ্ধ হৈ আছিল। ধন লৈ পৰ্যাপ্ত শ্ৰমিক যোগান ধৰিব নোৱাৰৰ বাবে ইটাভাতাটোৰ গৰাকীৰ এনে অকথ্য নিৰ্যাতনৰ বিৰুদ্ধে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like