বিশেষ বাৰ্তা, ১৫ মে : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিব চৈয়দিন আব্বাছিয়ে যোৱা শুকুৰবাৰে অসম জল কেন্দ্ৰৰ কনফাৰেন্স হলত এখন বৈঠক আহ্বান কৰি বৰপেটা, গোৱালপাৰা, ডিব্ৰুগড় আৰু ধুবুৰীৰ অধীনত চলি থকা জল জীৱন আঁচনিৰ কাম-কাজত দুৰ্বল প্ৰদৰ্শন কৰা ঠিকাদাৰৰ কাম-কাজৰ পৰ্যালোচনা কৰে। অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে জিলাসমূহৰ সকলো ঠিকাদাৰৰ সৈতে এজন এজনকৈ মত বিনিময় কৰি আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰাৰ ওপৰত বিশ্লেষণ কৰাৰ লগতে সংশ্লিষ্ট বিষয়া-ঠিকাদাৰসকলক ডিপিআৰ সংস্থা আৰু জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি অনতিপলমে এই বাধাসমূহ দুৰ কৰি তীব্ৰ গতিত কাম আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। তদুপৰি অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে সকলো বিষয়াক আঁচনিসমূহৰ অগ্ৰগতিৰ ওপৰত অহৰহ সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। কিছুমান ঠিকাদাৰৰ কামৰ অগ্ৰগতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে প্ৰয়োজনসাপেক্ষে সংশ্লিষ্ট কৰ্তৃপক্ষক লিকুইডেটেড ডেমেজ (এল ডি) আৰু পাৰফৰমেন্স বেংক জব্দৰ সৈতে ৱৰ্ক অৰ্ডাৰ বাতিল কৰিবলৈ নিৰ্দেশ দিয়ে। অতিৰিক্ত মুখ্য সচিব আৰু জল জীৱন মিছনৰ মিছন সঞ্চালকে ঠিকাদাৰসকলক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত লিখিত প্ৰতিলিপি দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে আৰু সকীয়াই দিয়ে যে নিৰ্ধাৰিত সময়সীমাত কাম কাজ সম্পুৰ্ণ নকৰা ঠিকাদাৰসকলৰ বিৰুদ্ধে প্ৰাসংগিক দফা অনুসৰি যথাযথ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে জে জে এমৰ লক্ষ্য হৈছে ২০২৪ চনৰ ভিতৰত ভাৰতৰ প্ৰতিটো পৰিয়ালতেই বিশুদ্ধ খোৱাপানী যোগান ধৰা। নিৰ্দিষ্ট সময়ৰ ভিতৰত লক্ষ্যত উপনীত হ’বলৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো জল জীৱন আচঁনিৰ কাম পূৰ্ণগতিত চলি আছে।