নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত মৌপালকৰ কৰ্মশালা

বিশেষ বাৰ্তা, ২২ জুলাই : অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয় আৰু নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় মৌ মাখি পালন আৰু মৌ অভিযানৰ অধীনত দুদিনীয়াকৈ নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মৌপালকসকলৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। দুদিনীয়াকৈ অনুষ্ঠিত এই কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড: জি চি শৰ্মাকে ধৰি কেইবাজনো সমল ব্যক্তিয়ে বৈজ্ঞানিক পদ্ধতিৰে মৌ মাখি পালনৰ প্ৰশিক্ষণ প্ৰদান কৰে। মৌ মাখি পালকসকলৰ উৎপাদিত মৌ বিক্ৰীৰ ক্ষেত্ৰতো কৰ্মশালাত আলোচনা কৰা হয়। আজি সামৰণি পৰিব লগা কৰ্মশালাতখনত জিলাখনৰ তিনি শতাধিক পুৰুষ-মহিলা কৃষকে অংশগ্ৰহণ কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like