ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত বিশ্ব নৃতত্ত্ব দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী : ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ নৃতত্ত্ব আৰু বুৰঞ্জী বিভাগৰ উদ্যোগত তথা অসম ৰাজ্যিক সংগ্ৰাহালয়ৰ সহযোগত আজি মহাবিদ্যালয়খনিত বিশ্ব নৃতত্ত্ব দিৱস উদযাপন কৰা হয়। অসম ৰাজ্যিক সংগ্ৰাহালয়ৰ সৈতে ইতিমধ্যে সম্পাদিত হোৱা বুজাবুজি চুক্তি অনুসৰি আজিৰে পৰা আনুষ্ঠানিকভাবে ঢকুৱাখনা মহাবিদ্যালয়ত চলিত বৰ্ষৰপৰা আৰম্ভ হ’বলগীয়া ‘মিউজিঅ’লজি’ পাঠ্যক্ৰমৰো শুভাৰম্ভ কৰা হয়। মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণীকক্ষত এই উপলক্ষে আয়োজন কৰা কৰা নৃতত্ত্ব দিৱসৰ অনুষ্ঠানটিৰ বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰে স্বায়ত্তশাসিত ঢকুৱাখনা মহাবিদ্যালয়ৰ সদস্য সচিব যুক্তিৰত্ন শইকীয়াই। নৃতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড০ পৰিস্মিতা গগৈয়ে আঁত ধৰা এই অনুষ্ঠানত বিশ্বমানৱগোষ্ঠীৰ ইতিহাস উদঘাটন আৰু নতুন প্ৰজন্মৰ মাজত মানৱৰ বিকাশ তথা নৃতাত্ত্বিক ধাৰণাৰ সম্প্ৰসাৰণৰ উদ্দেশ্যে আয়োজিত এই নৃতত্ত্ব দিৱসৰ আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগানন্দ সূতে। ড০ সূতে সংগ্ৰাহালয়ৰ তাৎপৰ্য বিশ্লেষণ কৰি কয় যে- ই কেৱল ইতিহাসৰ সংৰক্ষণেই নহয়, ই হৈছে একো-একোটা জাতিৰ আত্মপৰিচয়। অসম ৰাজ্যিক সংগ্ৰাহালয়ৰ নেতৃত্বত আৰম্ভ হোৱা ‘মিউজিঅ’লজি’ পাঠ্যক্ৰমে ঢকুৱাখনা মহাবিদ্যালয়ৰ শৈক্ষিক ইতিহাস সমৃদ্ধ কৰিব বুলি উল্লেখ কৰি ড০ সূতে এই পাঠ্যক্ৰমৰ প্ৰচুৰ সম্ভাৱনাৰ ইংগিত প্ৰদান কৰে।তেওঁ আৰু লগতে কয় যে -এইবৰ্ষৰ পৰাই উক্ত পাঠ্যক্ৰমত নামভৰ্তি আৰম্ভ হ’ব আৰু উক্ত প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ পাছতে অসম ৰাজ্যিক সংগ্ৰাহালয়ৰ অধিকৰ্তা অৰিন্দম বৰুৱাই ‘মিউজিঅ’লজি’ৰ পাঠ্যক্ৰম উন্মোচন কৰি ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ সু-ভৱিষ্যতৰ পোষকতা কৰে। ভাষণত ৰাজ্যিক সংগ্ৰাহালয়ৰ অধিকৰ্তা বৰুৱাই কয় যে অসম ৰাজ্যিক সংগ্ৰাহালয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাস চৰ্চা আৰু সম্প্ৰচাৰত অতীৱ গুৰুত্ব প্ৰদান কৰি আহিছে। ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ ‘মিউজিঅ’লজি’ৰ নতুন পাঠ্যক্ৰমে স্থানীয় ঐতিহ্যৰ সংৰক্ষণৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক উৎসাহী কৰি তুলিব। এই পাঠ্যক্ৰমৰ জৰিয়তে মহাবিদ্যালয়খনে অসমৰ বৈচিত্ৰ্যময় ইতিহাস সমৃদ্ধকৰণত অৰিহণা যোগাব বুলি শুভকামনা জ্ঞাপন কৰে। এই অনুষ্ঠানত মংগলদৈৰ জিলা সংগ্ৰাহালয় বিষয়া মৃন্ময় দাসে ‘Museography and Museum Pedagogy’ বিষয়ত বিশেষ বক্তৃতা প্ৰদান কৰে। দাসে জন হেনৰী হাট্টন, খ্ৰীষ্ট’ফাৰ হ্যেমেনড্ৰফ আৰু হেৰী এলৱিন নামৰ তিনিগৰাকী প্ৰসিদ্ধ নৃতত্ত্ববিদৰ সশ্ৰদ্ধ স্মৃতিত আগবঢ়োৱা বক্তৃতাত মিউজিঅগ্ৰাফীৰ ধাৰণা, পদ্ধতি, প্ৰয়োজনীয় প্ৰস্তুতি, তথ্য আৰু সমল সংগ্ৰহ, শ্ৰেণীভূক্তকৰণ আদি কেইবাটাও দিশত আলোকপাত কৰে। সংগ্ৰাহালয়তত্ত্ব অধ্যয়নৰ বাবে শিক্ষাৰ্থীক কেনেধৰণৰ সামগ্ৰী, কৌশল আৰু দক্ষতাৰ প্ৰয়োজন এই বিষয়ত আলোকপাত কৰি বক্তা দাসে ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ ‘মিউজিঅ’লজি’ পাঠ্যক্ৰমৰ ইতিবাচকতাৰ প্ৰসংগ স্পষ্ট কৰে। ইয়াৰ পাছতে নৃতত্ত্ব বিভাগৰ মুৰব্বী ড০ নৰেন্দ্ৰ দাসে বক্তৃতা প্ৰদান কৰি নৃতত্ত্ব আৰু সংগ্ৰাহালয়ৰ গুৰুত্ব আৰু সম্পৰ্ক বিষয়ত দৃষ্টিপাত কৰে। নৃতত্ব বিভাগৰ ছাত্ৰী এলিছা চমুৱাৰ সাংস্কৃতিক পৰিৱেশনৰ পাছতেই বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক পাপৰিমালা ভূঞাৰ শলাগৰ শৰাইৰে অনুষ্ঠানৰ সামৰণি পৰে। আজিৰ অনুষ্ঠানতে ‘মিউজিঅ’লজি’ৰ শুভাৰম্ভণৰ দ্বাৰাই ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)-এ ছাত্ৰ-ছাত্ৰীক উক্ত পাঠ্যক্ৰম অধ্যয়নলৈ আদৰণি জনাইছে।
প্ৰেৰক পুলকজ্যোতি বৰা