বিশ্ব বেংকৰ ৩০০ কোটিৰে ১ লাখ লোকক কৰিব কোৱাৰেণ্টাইন
নিয়মীয়া বাৰ্তা, ১৯ মে’: বিশ্ববেংকৰ ৩০০ কোটিৰ পুঁজিৰে ‘কঠোৰ কোৱাৰেণ্টাইন বিশাল অন্তৰ’ শ্লোগানেৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে এক লাখ লোকক কোৱাৰেণ্টাইনত ৰখাৰ পৰিকল্পনা কৰিছে৷ একোজন লোকক ১৪ দিন কোৱাৰেণ্টাইনত ৰখাৰ বিনিময়ত ব্যয় হ’ব প্রায় ৩০ হাজাৰ টকা৷
সোমবাৰে জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চৰকাৰৰ সেই পৰিকল্পনাৰ বিষয়ে ইংগিত দি কয় যে এই সম্পর্কত সম্প্রতি বিশ্ববেংকৰ সৈতে ভাৰত চৰকাৰৰ প্রাৰম্ভিক আলোচনা চলি আছে৷ কেন্দ্রৰ অর্থনৈতিক পৰিক্রমা বিভাগে বিশ্ববেংকৰ সৈতে বিষয়টো আলোচনা কৰি আছে৷ ৰাজ্য চৰকাৰে ‘কঠোৰ কোৱাৰেণ্টাইন বিশাল অন্তৰ’ শ্লোগানেৰে এক লাখ লোকক কোৱাৰেণ্টাইন কৰাৰ পৰিকল্পনা কৰিছে৷ বিশ্ববেংকৰ পৰা উক্ত ৩০০ কোটি টকা লাভ কৰিলেই এক লাখ লোকক কোৱাৰেণ্টাইন কৰিব পৰা যাব৷ এই কোৱাৰেণ্টাইনত প্রতিজন লোককে সর্বাধিক সুবিধা প্রদান কৰা হ’ব৷ হোটেলত ৰখাৰ লগতে ভালৰো ভাল খাদ্য প্রদান কৰা হ’ব৷ এই ব্যৱস্থাত একোজন লোকক ১৪ দিনৰ কোৱাৰেণ্টাইনত ৰখাৰ বাবদ প্রায় ৩০ হাজাৰ টকা ব্যয় হ’ব৷ সেইদৰে ক’ভিড–১৯ৰ দৰে ৰোগৰ ক্ষেত্রত যুঁজাৰ বাবে জিলা আৰু ব্লক পর্যায়ৰ আইচিইউ নির্মাণ, লেবৰেটৰী স্থাপনত গুৰুত্ব দিয়াৰ বিষয়ে জানিবলৈ দি তেওঁ কয় যে কেন্দ্রৰ পৰা পাবলগীয়া অতিৰিক্ত পুঁজিৰে সেই আন্তঃগাঁথনি তৈয়াৰ কৰা হ’ব৷
ইপিনে ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্ত সংখ্যা বাঢ়িলেও কোৱাৰেণ্টাইন ঠিকমতে চলি থাকিলে সামাজিক সংক্রমণ হ’ব নোৱাৰে বুলি মন্তব্য কৰি মন্ত্রী ড০ শর্মাই কয় যে হোম কোৱাৰেণ্টাইনতো থকাসকলে ভালদৰে কোৱাৰেণ্টাইনৰ নীতি–নিয়ম মানি চলিব লাগিব৷ আনহাতে বহিঃৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকলক প্রণালীবদ্ধভাৱে গৃহভূমিলৈ উভতি অহাৰ আহ্বান জনাই তেওঁ কয় যে অন্যথা ক’ভিড–১৯ত আক্রান্ত হোৱাৰ সম্ভাৱনা থাকিব৷ বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকল এনেদৰে আহক, যাতে চৰকাৰে তেওঁলোকৰ স্বাস্থ্যৰ পৰিচর্যা কৰিব পাৰে৷ নিজকে নিৰোগী কৰি ৰখাৰ লগতে অসমখনকো নিৰোগী কৰি ৰাখিবলৈ মন্ত্রী ড০ শর্মাই আহ্বান জনায়৷
এই প্রসংগতে তেওঁ কয় যে ধুবুৰীত সম্প্রতি ৭টা শিবিৰত ৪ হাজাৰ মানুহ সোমাই আছে৷ সেই শিবিৰসমূহত আন স্থানৰ লোকৰ আহ–যাহ নাই৷ কিন্তু বানপানীত শিবিৰ পতা দি থাকিলে শিবিৰত থকাসকলৰ মাজতেই সংক্রমণৰ সম্ভাৱনা বৃদ্ধি পাব৷ সম্প্রতি চেন্নাইত ৪ হাজাৰ লোক অসমলৈ উভতি আহিবলৈ ৰে’ল ষ্টেচনত গোট খোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে সেইসকল লোকেও প্রণালীবদ্ধভাৱে ভাগে ভাগে নিজ গৃহভূমিলৈ উভতি অহা উচিত৷ তেতিয়াহে চৰকাৰে তেওঁলোকক সঠিকভাৱে কোৱাৰেণ্টাইন আৰু পৰিচর্যা কৰিব পাৰিব৷