আজিৰে পৰা বিশ্বকাপ ক্রিকেটৰ মহাৰণ
বিশেষ বাৰ্তা, ৫ অক্টোবৰঃ কাউণ্ট ডাউন সমাপ্ত৷ ভাৰতত এতিয়া বিশ্বকাপৰ জ্বৰ৷ আজিৰ পৰা ভাৰতত আৰম্ভ হ’ব আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেটৰ মহাৰণ৷ ইতিমধ্যে এই মহাৰণলৈ সাজু হৈছে বিশ্বৰ ১০টাকৈ আগশাৰীৰ দল৷ প্রায় ডেৰ মাহ ধৰি চলিবলগীয়া এই বিশ্বকাপৰ মহাৰণক লৈ জল্পনা–কল্পনা আৰম্ভ হৈছে বিশ্বৰ ক্রিকেট অনুৰাগীৰ৷ দেশৰ ১০খন চহৰত মুঠ ৪৮খন মেচ অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনৰ উদ্বোধনী মেচখন আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ কাইলৈ হ’বলগীয়া উদ্বোধনী মেচখনৰ বাবে ইতিমধ্যে আটকধুনীয়াকৈ সজাই তোলা হৈছে নৰেন্দ্র মোদী ষ্টেডিয়ামখন৷ মন কৰিবলগীয়া যে আই চি চি এদিনীয়া বিশ্বকাপৰ পূর্বে কোনোধৰণৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত নহয় বুলি ইতিমধ্যে ঘোষণা কৰিছে আয়োজক ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ অৱশ্যে প্রতিযোগিতাখনত অংশগ্রহণ কৰিবলগীয়া ১০খন দেশৰ অধিনায়কসকলে নৰেন্দ্র মোদী ষ্টেডিয়ামত এক ফটো শ্বুট আৰু সংবাদ মেলত অংশগ্রহণ কৰে৷ ‘কেপ্টেইন মীট’ত অংশগ্রহণ কৰি অধিনায়ককেইগৰাকীয়ে মন্তব্য কৰে যে তেওঁলোকে বিশ্বকাপ আঁজুৰিবলৈ সম্পূর্ণৰূপে সাজু হৈছে৷