নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ নায়ক টৰেছৰ গুৱাহাটীৰে সম্পৰ্ক, কিন্তু কেনেকৈ

ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেলত স্পেইনৰ জয়ৰ নায়ক হৈ পৰিল ফেৰান টৰেছ। তেওঁৰ ১০৬ মিনিটত কৰা দৰ্শনীয় গ’লৰ সহায়ত স্পেইনে আৰ্জেণ্টিনাক ১-০ গ’লত পৰাস্ত কৰি ১৬ বছৰৰ পিছত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ খিতাপ দখল কৰে।

অৱশ্যে, স্পেইনৰ এই তাৰকা ফুটবলাৰৰ সৈতে আছে গুৱাহাটীৰ এক বিশেষ সম্পৰ্ক। প্ৰায় ৯ বছৰ পূৰ্বে তেওঁ অসম ভ্ৰমণ কৰিছিল।

২৬ বছৰীয়া ফেৰান টৰেছ ২০১৭ চনত ভাৰতত অনুষ্ঠিত হোৱা ফিফা U-17 বিশ্বকাপৰ স্পেইন দলৰ সদস্য আছিল। সেই প্ৰতিযোগিতাৰ কেইবাখনো খেল গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। গুৱাহাটীৰ উপৰি কলকাতা, কোচি, নতুন দিল্লী, নৱী মুম্বাইত খেল অনুষ্ঠিত হৈছিল।

২০১৭ চনৰ U-17 বিশ্বকাপত টৰেছে স্পেইনৰ হৈ দুটা গ’ল কৰিছিল। কোৱাৰ্টাৰ ফাইনেলত ইৰানৰ বিৰুদ্ধে আৰু ছেমিফাইনেলত মালিৰ বিৰুদ্ধে তেওঁ গ’ল কৰিছিল। অৱশ্যে ফাইনেলত কলকাতাত ইংলেণ্ডৰ হাতত ৫-২ গ’লত পৰাস্ত হৈ স্পেইন ৰানাৰ্ছ-আপ হৈছিল।

২০২৬ বিশ্বকাপৰ ফাইনেলত টৰেছে ৬১ মিনিটত ছাবষ্টিটিউড খেলুৱৈ হিচাপে খেলপথাৰত প্ৰৱেশ কৰে। তাৰ পিছত স্পেইনৰ ধাৰাবাহিক আক্ৰমণৰ অন্তত ১০৬ মিনিটত তেওঁ নিৰ্ণায়ক গ’লটো কৰি দলক ঐতিহাসিক জয় প্ৰদান কৰে।

উল্লেখযোগ্য যে টৰেছৰ লগতে স্পেইন ৰাষ্ট্ৰীয় দল আৰু বাৰ্চিলোনাৰ তেওঁৰ সতীৰ্থ এৰিক গাৰ্চিয়াও ২০১৭ চনৰ ভাৰতত অনুষ্ঠিত U-17 বিশ্বকাপৰ স্পেইন দলৰ সদস্য আছিল। তেওঁলোক দুয়োজনেই এতিয়া বিশ্বকাপ বিজয়ী স্পেইন দলৰ অংশ হৈ নতুন ইতিহাসৰ সাক্ষী হৈছে।

ডিজিটেল ডেস্ক, ২০ জুলাই

You might also like