উন্মাদনা আৰম্ভ বিশ্বকাপৰ : কিং খানো নামিল প্ৰচাৰত
বিশেষ বাৰ্তা, ২০ জুলাইঃ আজিৰ পৰা আৰম্ভ হ’ল বিশ্বকাপ ক্রিকেটৰ প্রচাৰ৷ এইবাৰ বিশ্বকাপৰ প্রচাৰত মুখ্য ভূমিকা গ্রহণ কৰিব বলীউডৰ তাৰকা অভিনেতা শ্বাহৰুখ খানে৷ আইচিচিয়ে আজি প্রকাশ কৰা ভিডি’ত শ্বাহৰুখে বিশেষ ভূমিকা গ্রহণ কৰা দেখা গৈছে৷ ভাৰতৰ মাটিত বিশ্বকাপ আৰম্ভ হ’বলৈ আৰু ৭৭ দিন বাকী আছে৷ এনে সময়তে বিশ্বকাপৰ প্রচাৰত নিয়োজিত হৈছে বলীউডৰ কিং খান৷ তেওঁৰ লগতে প্রাক্তন আৰু বর্তমানৰ ক্রিকেটাৰসকলকো দেখা গৈছে এই প্রচাৰমুখী বিজ্ঞাপনত৷ বিশ্বকাপৰ প্রচাৰৰ নাম দিয়া হৈছে ‘ইট টেকছ ৱান ডে’৷ সমগ্র বিশ্বৰ সমর্থকসকলক একেটি সূত্রৰে গঁথাৰ বাবেই এই নাম দিয়া হৈছে৷ নৱৰস অর্থাৎ এখন ক্রিকেট মেচ উপভোগ কৰা সময়ত যি ৯টা আৱেগ সমর্থকসকলৰ মনত উদয় হয়, সেই কথা তুলি ধৰিছে আইচিচিয়ে৷ শ্বাহৰুখ খানৰ উপৰি বিজ্ঞাপনী প্রচাৰত আছে প্রাক্তন ক্রিকেটাৰ জে পি ডুমিনি, দীনেশ কার্তিক, শুভমন গিল, যোৱাবাৰৰ বিশ্বজয়ী অধিনায়ক য়ন মৰগান, মুথায়া মুৰুলীধৰণ, জণ্টি ৰোডছ আৰু জেমিমা ৰড্রিগেজ৷ ভিডিঅ’টোত পূর্বৰ বিশ্বকাপৰ বিভিন্ন মুহূর্ত দেখুওৱা হৈছে৷ আইচিচিৰ দাবী– ক্রিকেট খেল চোৱাৰ সময়ত যন্ত্রণা, সাহস, মহিমা, আনন্দ, আৱেগ, শক্তি, গর্ব, সমীহ আৰু বিস্ময়– এই ৯ ধৰণৰ অনুভূতি দর্শক-সমর্থকৰ মাজত পৰিলক্ষিত হয়৷ আইচিচিৰ মুখ্য কার্যবাহী জিঅ’ফ আলাৰডাইজে এই প্রচাৰ আৰম্ভ কৰাৰ পূর্বে কয়– ‘এদিনীয়া ক্রিকেটৰ জৰিয়তে সঁচাকৈয়ে আনন্দ বিয়পাই দিয়াৰ উদ্দেশ্যেই এই প্রচাৰ৷ সমর্থকেই হওক বা ক্রিকেটাৰেই হওক, প্রত্যেকৰে মেচৰ সময়ত ৯বিধ অনুভূতি হয়৷ ইয়াৰ লগতে ক্রিকেট আৰু চলচ্চিত্র ভাৰতীয় মানুহৰ হৃদয়ত আছে৷ সেইবাবে দুয়োটাকে একলগ কৰি আৰু মানুহৰ মাজলৈ পঠিয়াব বিচাৰোঁ৷’