নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিগবৈ জাতীয় বিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস পালন

নিয়মীয়া বাৰ্তা, ৫জুনঃ সমগ্ৰ বিশ্বৰ লগতে তিনিচুকীয়া জিলা সাহিত্য সভা আৰু ডিগবৈ সাহিত্য সেৱা সমিতিৰ উদ্যোগত ডিগবৈ জাতীয় বিদ্যালয়ৰ সহযোগত ডিগবৈ টিপাম ৰোড এলেকাত অৱস্থিত ডিগবৈ জাতীয় বিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয় । পুৱা ৯-০০ বজাত গছপুলি ৰোপণেৰে কাৰ্যসুচী আৰম্ভ কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ উপসভাপতি দীপেন কুমাৰ বড়া, ডিগবৈ উন্নয়ন সমিতিৰ সম্পাদক জিতেন দত্ত, ডিগবৈ সাহিত্য সেৱা সমিতিৰ সম্পাদক অৰূপ কুমাৰ চাংমাই, জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক- শিক্ষয়িত্ৰীসকলে । ইয়াৰ পাছতে জাতীয় বিদ্যালয়ৰ সহকাৰী শিক্ষক সৌৰভ শ‍ইকীয়াই আঁত ধৰা সজাগতা সম্পৰ্কীয় বক্তৃতা অনুষ্ঠানটি পৰিচালনা কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ উপ-সভাপতি দীপেন কুমাৰ বড়াই । বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মধুস্মিতা গগৈ আৰু শিক্ষক নেত্ৰৰঞ্জন গগৈয়ে পৰিবেশ দিৱসৰ তাৎপৰ্য আৰু সংৰক্ষণৰ ওপৰত বক্তব্য আগবঢ়ায়। বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰা ডিগবৈ উন্নয়ন সমিতিৰ সম্পাদক জিতেন দত্তই ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যি গুৰুত্বপূৰ্ণ সজাগতামূলক বক্তব্য প্ৰদান কৰে । শেষত সহঃ শিক্ষক সৌৰভ শ‍ইকীয়াই সকলোকে শলাগ জ্ঞাপনেৰে অনুষ্ঠানৰ সামৰণি মাৰে ।

প্ৰেৰক ৰমণী বুঢ়াগোহাঁই

You might also like