নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ জুনঃ আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী আৰু বৰপেটা উন্নয়ন খণ্ডৰ গ্ৰাম্য বিকাশ মঞ্চৰ বিভিন্ন প্ৰকল্পৰ লগত জড়িত স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকাসকলে ক্ৰমে পাৰাঁহকুছি প্ৰাথমিক বিদ্যালয়, মৰিপুৰ প্ৰাথমিক বিদ্যালয়, গড়ৰটাৰী মজলীয়া বিদ্যালয় ,উত্তৰ বুড়ীখামাৰ অংগনৱাড়ী কেন্দ্ৰ আৰু গহিয়া শংকৰদেৱ শিশু নিকেতন চৌহদত পৰিৱেশ সংৰক্ষণৰ হেতু ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সমাজৰ মুৰব্বীসদৃশ লোকৰ উপস্থিতিত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে। এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু হৈছে “ভূমি পুনৰুদ্ধাৰ,মৰুভূমিকৰণ আৰু খৰাং স্থিতিস্থাপকতা”।এই বিষয়বস্তু আগত ৰাখি স্বেচ্ছাসেৱক- স্বেচ্ছাসেৱিকাসকলে পৰিনেশ সুৰক্ষাৰ ওপৰত তাৎপৰ্য্যপূৰ্ণ বক্তব্য প্ৰদান কৰে। তেওঁলোকে কয় পৰিৱেশৰ বাবে এটা দিন নহয় প্ৰতিটো দিনেই আমি বিশেষ কৰি তোলা উচিত। লগতে উল্লেখিত প্ৰতিটো চৌহদত গছপুলি ৰোপণ কৰি ছাত্ৰ-ছাত্ৰীসকলক বৃক্ষৰোপণ আৰু প্ৰতিপালনৰ বাবে উৎসাহিত কৰে।

You might also like