নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত ১৪ দেশৰ শতাধিক পৰ্যটক

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰ : বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঐতিহাসিক চৰাইদেউ মৈদামথলীত আজি দিনৰ ভাগত বিশ্বৰ ১৪খনকৈ দেশৰ পৰা অহা শতাধিক পৰ্যটক উপস্থিত হৈ ছশবছৰীয়া আহোম ৰাজত্ব কালৰ ঐতিহাসিক তথ্য সংগ্ৰহৰ লগতে মৈদামসমূহৰ গাঁথনি আৰু অঞ্চলটোৰ সামগ্ৰিক পৰিবেশ চাই মোহাবিষ্ট হৈ পৰে। উল্লেখযোগ্য যে আজিৰে পৰা অহা ২৯ নৱেম্বৰ লৈকে কাজিৰঙাত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চলৰ বাবে আন্তৰ্জাতিক পৰ্যটন সন্মিলন (International Tourism Mart)ত অংশগ্ৰহণ কৰিবলৈ অহা দেশী-বিদেশী পৰ্যটকসকলে ডিব্ৰুগড়ৰ পৰা আহি আজি চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰে। ৰাছিয়া, থাইলেণ্ড, ভিয়েটনাম, স্পেইনকে ধৰি চৈধ্যখন দেশৰ লগতে ভাৰতৰ শতাধিক পৰ্যটকে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামক্ষেত্ৰৰ সুবৃহৎ অঞ্চল ভ্ৰমণ কৰে। উল্লেখযোগ্য যে পৰ্যটক সকলে এই ভ্ৰমণ কালত মৈদাম ক্ষেত্ৰত উপস্থিত হৈ টাই আহোম সকলৰ পৰম্পৰাগত “ফুৰালুং” ৰ লগতে স্থানীয় লোকৰ পৰা অসমীয়া খাদ্যাভ্যাস তথা সংস্কৃতিৰ বুজ লয়। বিদেশী পৰ্যটক সকলে আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য বহন কৰা চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ আদৰ সন্মানত যথেষ্ট সুখী বুলি প্ৰকাশ কৰি অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ প্ৰতিও আকৃষ্ট হোৱা বুলি মত প্ৰকাশ কৰে। মনকৰিবলগীয়া এয়ে যে পৰৱৰ্তী সময়ত পৰ্যটক সকলে শিৱসাগৰত ৰংঘৰ পৰিদৰ্শন কৰি সন্ধিয়া কাজিৰঙা অভিমুখে যাত্ৰা কৰিব বুলি জানিব পৰা গৈছে।

প্ৰেৰক দুষ্যন্ত নাথ

You might also like