নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বাভিলেখ : মৰাণৰ সুখমল ব্ৰেণ্ডৰ চাহ কেজিত ১,৫০৬ টকাত বিক্রী কলকাতাত

বিশেষ বাৰ্তা, ১৩ জুন : ৰাজ্যৰ চাহ উদ্যোগক লৈ বিভিন্ন পক্ষৰ ভিন্ন জল্পনা-কল্পনা অব্যাহত থকাৰ মাজতে আজি কলকাতা চাহ নিলাম কেন্দ্রত অসমত উৎপাদিত চিটিচি চাহে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। মৰাণ ৰাজগড়ৰ দিকচামৰ এল কে টি কোম্পানী প্রাইভেট লিমিটেডত উৎপাদিত চিটিচি চাহ প্রতি কিলোগ্রামত ১৫০৬ টকাত বিক্রী হয়। নিলাম বজাৰত চিটিচি চাহৰ এই দৰ বিশ্ব অভিলেখ। সুখমল ব্ৰেণ্ড নামেৰে জনাজাত এই চাহে কলকাতা নিলাম কেন্দ্ৰত এই নিৰিখ লাভ কৰিবলৈ সক্ষম হয়। প্রতি কিলোগ্রাম ১৫০৬ টকাত বিক্ৰী হোৱা সুখমল চাহৰ উক্ত লটত ৪১৫.৮ কিলোগ্রাম আছিল। নিলামতে কোম্পানীটোৱে প্রতি কিলোগ্রামত ক্রমে ১১১১, ৮০৩, ৮০০, ৭৬২ টকা দৰ লাভ কৰি ঈর্ষণীয় সফলতা অর্জন কৰিছে। কোম্পানীটোৰ স্বত্বাধিকাৰ তথা চাহ খেতিয়ক ভাস্কৰ হাজৰিকাই জনোৱামতে চাহ প্রস্তুত কৰাটো এক কলা। আমি চাহৰ গুণগত মানৰ ক্ষেত্ৰত কোনো আপোচ নকৰো। নাগাজাংকা, নিউ কৈলাসপুৰ আৰু সুখমল নামৰ তিনিখন নিজা চাহ বাগিচাৰ কেঁচাপাতেৰেই নিজৰ ফেক্টৰীত তেওঁ শুকান চাহ (মেড টি) প্রস্তুত কৰি আহিছে। ২০১৬ চনৰ পৰা নীলাম বজাৰত আত্মপ্রকাশ কৰা থলুৱা চাহ খেতিয়কগৰাকীয়ে জনোৱামতে ২০২১ চনত তেওঁ প্ৰথমবাৰ কলকাতাৰ নিলাম বজাৰত ভৰি থৈছিল। ২০২২ চনতো তেওঁলোকৰ উৎপাদিত চিটিচি চাহে কলকাতা নিলাম কেন্দ্রত প্রতি কিলোগ্রামত ৮০১ টকা লাভ কৰিছিল। যোৱা সপ্তাহত গুৱাহাটী চাহ নিলাম কেন্দ্রতো তেওঁলোকৰ উৎপাদিত চিটিচি চাহে দ্বিতীয় স্থানত থাকি প্রতি কিলোগ্রামত ৭২৩ টকা লাভ কৰিছিল। হাজৰিকাই আৰু জনোৱামতে বিগত বর্ষত তেওঁলোকে ৪ লাখ ৭০ হেজাৰ কিঃগ্রাঃ উৎপাদন কৰিছিল। চলিত বৰ্ষত লক্ষ্য নির্ধাৰণ কৰা হৈছে ৫ লাখ কিঃগ্রাঃ। অতি শেহতীয়াকৈ ভাৰতীয় চাহ ব’ৰ্ডৰ এক নির্দেশনাক লৈ বটলিফ চাহ নির্মাতা আৰু ক্ষুদ্র চাহ খেতিয়কসকলৰ মাজত এক সংঘাতজনিত পৰিবেশৰ উদ্ভৱ হৈছিল। বটলিফ চাহ নির্মাতা সন্থাই ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচাপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱাত ক্ষুদ্র চাহ খেতিয়কসকলৰ মাজত হাহাকাৰ লাগিছিল। বটলিফ চাহ নির্মাতাসকলে ভাৰতীয় চাহ ব’র্ডে ১০০ শতাংশ ডাষ্ট টি নিলামত বিক্ৰী কৰাৰ যি নিৰ্দেশনা দিছিল তাৰ ঘোৰ বিৰোধিতা কৰি আহিছিল। লগতে চাহ ব’র্ডে বটলিফ চাহ নিৰ্মাতাৰ উৎপাদিত শুকান পাতত ৰাসায়নিক দ্ৰব্যৰ অৱশিষ্ট থাকিব নালাগিব বুলি সতৰ্ক কৰি দিছিল। তাৰ পাচতে বটলিফ চাহ নির্মাতাই ক্ষুদ্র চাহ খেতিয়কৰ কেঁচাপাত ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰাৰ পাচত দুয়োপক্ষৰ মাজত হোৱা আলোচনামর্মে বিষয়টো মীমাংসা হৈছিল যদিও ৰাজ্যৰ উৎপাদিত চাহক লৈ বিভিন্ন পক্ষই উদ্বেগ প্রকাশ কৰিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like