নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি নেট জিঅ’ যোগে সম্প্ৰচাৰ হ’ব কেভিন পিটাৰ্ছনৰ গঁড়ৰ ওপৰত নিৰ্মিত তথ্য চিত্ৰ

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ   আজি বিশ্ব গঁড় দিৱস। আজিৰ এই দিনটোতেই ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰ্ছনে কাজিৰঙাৰ ওপৰত নিৰ্মাণ কৰা তথ্য চিত্ৰ মুকলি কৰা হ’ব। তথ্য চিত্ৰ খনৰ নাম ‘Save This Rhino India’.

যোৱা মাৰ্চ মাহতেই কেভিন পিটাৰ্ছনে  গঁড়ৰ ওপৰত তথ্য চিত্ৰ নিৰ্মাণ কৰিবলৈ কাজিৰঙাত উপস্থিত  হৈছিল। এই তথ্য চিত্ৰখন National Geographic Channel ত দিনৰ ১ বজাত আৰু ৰাতি ৯ বজাত পুনৰ সম্প্ৰচাৰ কৰা হ’ব।

You might also like