নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱহেলিত! চিকিৎসালয়ৰ বাহিৰৰ জিৰণি চ’ৰাত জন্ম দিলে পুত্ৰ সন্তান

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ এক অমানবীয় ঘটনা সংঘটিত হৈছে বকোত। এগৰাকী গৰ্ভৱতী মহিলাই হাস্পতালৰ বাহিৰৰ জিৰণি চ’ৰাত জন্ম দিলে এটি পুত্ৰ সন্তান।

ঘটনা অনুসৰি  বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা নিশা প্ৰায় ১০ বজাত উন্নত চিকিৎসাৰ কথা কৈ হাস্পতালৰ পৰা বাহিৰ কৰি দিয়ে গৰ্ভৱতী মহিলাগৰাকীক। কিন্তু GMCHলৈ আহিব পৰাকৈ মহিলাগৰাকীৰ হাতত নাছিল পৰ্যাপ্ত ধন। ফলস্বৰূপে হাস্পতালৰ বাহিৰৰ জিৰণি চ’ৰাত উপায়ন্তৰ হৈ বহি আছিল মহিলাগৰাকী।

নিশা প্ৰায় ১১ বজাত চিকিৎসাকৰ্মীৰ অবিহনে জিৰণি চৰাতে এটি পুত্ৰ সন্তান জন্ম দিয়ে অসহায় মহিলাগৰাকীয়ে।

You might also like