নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি মহাবিদ্যালয়ত বিশ্ব গ্ৰামীণ মহিলা দিৱস উদযাপন

বিশেষ বাৰ্তা, ১৭ অক্টোবৰঃ মৰিয়নি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত বিশ্ব গ্ৰামীণ মহিলা দিৱসৰ লগত সংগতি ৰাখি আজি ছাত্ৰ ছাত্ৰীৰ মাজত ৰচনা লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । এই উপলক্ষ্যে অনুষ্ঠিত এক অনুষ্ঠানত সহকাৰী অধ্যাপিকা বনজ্যোৎস্না শইকীয়াই এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা উদেষ্ণা টায়ে এই দিৱসৰ গুৰুত্বৰ ওপৰত বক্তব্য প্ৰদান কৰে। দুয়োগৰাকী বক্তাই বিশ্ব গ্ৰামীন মহিলা দিৱসৰ সম্পৰ্কত ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা অনাত গুৰুত্ব আৰোপ কৰাৰ লগতে এই দিৱস কিয় উদযাপন কৰিব লাগে সেই সম্পৰ্কেও ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানটোত মহাবিদ্যালয়খজৰ ছাত্ৰ ছাত্ৰীৰ লগতে অধ্যাপক-অধ্যাপিকা সকলো উপস্থিত থাকে। আনহাতে, ৰচনা লিখা প্ৰতিযোগিতাত বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like