কাছাৰ জিলাত জলসম্পদ বিভাগৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- বেটুকান্দিৰ মথাউৰি আৰু শ্লুইচ গেট নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বুজ ল’লে মন্ত্ৰী হাজৰীকাই
- কাছাৰৰ ভাৰত-বাংলাদেশ সীমান্তত থকা শ্লুইছ গেট পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ, বাৰিষাৰ সময়খিনিত শ্লুইছ গেট কাৰ্যক্ষম হৈ থকাটো সুনিশ্চিত কৰাৰ নিৰ্দেশ
নিয়মীয়া বাৰ্তা, ৪ মে’:: বৰাক উপত্যকা ভ্ৰমণলৈ অহা অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দ্বিতীয় দিনা কাছাৰ জিলাৰ কেইবাটাও স্থানত জলসম্পদ বিভাগে কৰি থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয় । প্ৰথমতে মন্ত্ৰীগৰাকীয়ে বৰাক নদীৰ বাওকাষে বদ্ৰীঘাট অঞ্চলত মথাউৰি মেৰামতিৰ কাম পৰিদৰ্শন কৰি বেটুকান্দি অঞ্চলত উপস্থিত হয় । উল্লেখ্য যে বিগত বৰ্ষত এই অঞ্চলতে মথাউৰি চিঙি শিলচৰত বানৰ সৃষ্টি কৰিছিল । ইতিমধ্যেই অঞ্চলটোত এখন শ্লুইচ গেট নিৰ্মাণ আৰু প্ৰায় ৭০০ মিটাৰ অংশৰ মথাউৰি ওখ আৰু পুনৰ নিৰ্মাণৰ কাম কৰি থকা হৈছে । আজিৰ পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে শ্লুইচ গেটৰ লগতে প্ৰায় ৭০০ মিটাৰ মথাউৰিৰ কামৰ প্ৰত্যক্ষ বুজ লয় । অঞ্চলটোত মথাউৰি নিৰ্মাণত দেখা দিয়া ভূমি অধিগ্ৰহণৰ সমস্যা সমাধানৰ বাবে ক্ষীপ্ৰতাৰে কাম কৰিবলৈ মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে । ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে চহৰখনৰ অন্নপূৰ্ণাঘাটত উপস্থিত হৈ অঞ্চলটোত চলি থকা খহনীয়া প্ৰতিৰোধী কাম পৰিদৰ্শন কৰে ।
শিলচৰৰ পৰা জলসম্পদ মন্ত্ৰীগৰাকীয়ে বৰখোলা সমষ্টিৰ মানিকপুৰত উপস্থিত হৈ বৰাক নদীৰ খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চলটোৰ বুজ লয় । মানিকপুৰত মথাউৰি পুনৰ নিৰ্মাণৰ বাবে এটা প্ৰকল্প ইতিমধ্যে চলি আছে যদিও ভূমি অধিগ্ৰহণত কিছু সমস্যাই দেখা দিয়াত কামৰ অগ্ৰগতিত বাধা আহি পৰিছে । আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে ভূমিৰ সমস্যা সমাধানৰ বাবে তৎপৰতাৰে কাম কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে । লগতে আগন্তুক বাৰিষাৰ সময়ত অঞ্চলটোক বানৰ পৰা সকাহ দিব পৰাকৈ জৰুৰীভাৱে কিছু কাম কৰিবলৈ মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগক নিৰ্দেশনা প্ৰদান কৰে ।
পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মহাদেৱপুৰত উপস্থিত হৈ বলেশ্বৰ নদীৰ ওপৰত থকা শ্লুইছ গেট পৰিদৰ্শন কৰে । উল্লেখ্য যে বিগত বৰ্ষত মন্ত্ৰীগৰাকীয়ে অঞ্চলটো ভ্ৰমণ কৰোতে কেইবাটাও বিভাগৰ অধীনত নিৰ্মিত ছয় খন শ্লুইছ গেট কাৰ্যক্ষম হৈ নথকা বুলি জানিব পাৰিছিল । কাৰ্যক্ষম হৈ নথকা শ্লুইছ গেটকেইখনে জিলাখনত বান বৃদ্ধি হোৱাত সহায় কৰা বুলি জানিব পাৰি মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ অভিযন্তাক এই শ্লুইছ গেটকেইখন কাৰ্যক্ষম কৰিবলৈ নিৰ্দেশ দিছিল । আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীক বিভাগীয় অভিযন্তাই জানিবলৈ দিয়ে যে অঞ্চলটোত ভাৰত-বাংলাদেশ সীমান্তত থকা ছয়খন গেটেই বিভাগে কাৰ্যক্ষম কৰি তুলিছে । আনহাতে বাৰিষাৰ সময়খিনিত এই শ্লুইছ গেটকেইখন কাৰ্যক্ষম হৈ থকাটো সুনিশ্চিত কৰিবলৈ আগন্তুক চাৰি মাহ ধৰি প্ৰত্যেক সপ্তাহতে কাৰ্যবাহী অভিযন্তাক নিজেই এবাৰ তদাৰক কৰি মন্ত্ৰীগৰাকীক সাপ্তাহিক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।
মন্ত্ৰীগৰাকীৰ আজিৰ পৰিদৰ্শন কালত সাংসদ ডা° ৰাজদ্বীপ ৰায়, বিধায়ক দিপ্যায়ন চক্ৰৱৰ্তী, জিলা উপায়ুক্ত আৰু জলসম্পদ বিভাগৰ বিষয়া-অভিযন্তা সকল উপস্থিত আছিল ।
The Barak River had threatened the Manikpur area under Barkhola constituency by eroding the embankments to a certain extent. Though there were plans for a permanent resistance to be built in this area, there have been some delays in terms of the permanent work due to problems… pic.twitter.com/mYe3CRfjym
— Pijush Hazarika (@Pijush_hazarika) May 4, 2023