“সামাজিক-মানসিক শক্তিয়ে ৰোগাক্ৰান্ত ব্যক্তিক সুস্থ অৱস্থালৈ ঘূৰাই অনাত সহায় কৰেঃ” ডাঃ জয়ন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা. ১৩ মাৰ্চঃ মানুহ সদায় আত্মনিৰ্ভৰশীল হব লাগে ৷ পৰনিৰ্ভৰশীল বা চৰকাৰ মুখপেক্ষী হলে মানুহ নামৰ অৰ্থৰ কোনো মূল্য নাথাকিব ৷ আজিৰ মানুহে নিজৰ যে কিবা কৰণীয় আছে সেইটো পাহৰি চৰকাৰে কিবা কৰাৰ আশাত হাতসাবতি বহি থাকে ৷ ইয়ে মানুহৰ জীৱন ধাৰণত সাংঘাটিক ধৰণে পৰিবৰ্তন আনিছে ৷ আনকি দুডাল গছপুলি পুতিবলৈও চৰকাৰলৈ অপেক্ষা কৰি থাকে ৷ এই মন্তব্য লণ্ডনৰ বিশিষ্ট চিকিৎসক তথা অসম স্বাস্থ্য সেৱা সমবায়ৰ উপ সভাপতি ডা° জয়ন্ত বিশ্ব শৰ্মাৰ ৷ আজি দিনৰ ১১ বজাত শুৱালকুছিস্থিত কবি কৃষ্ণ দূৰ চিকিৎসা সেৱা কেন্দ্ৰত ৰোগী আৰু স্বাস্থ্য কৰ্মী সকলৰ উপকাৰৰ বাবে ’চিকিৎসা সেৱা আৰু সত্ৰ সংযোজন’ সম্পৰ্কে আয়োজন কৰা আলোচনা চক্ৰত মুখ্য বক্তা হিচাৱে অংশ লৈ বিশিষ্ট চিকিৎসক গৰাকীয়ে কয় যে একোজন ৰোগাক্ৰান্ত ব্যক্তি যদি মানসিক ভাবে শক্তিশালী হয় আৰু সমাজিক ভাবেও যদি মানসিক শক্তিৰ সমৰ্থন লাভ কৰে তেনে ৰোগাক্ৰান্ত ব্যক্তি সুস্থ অৱস্হালৈ সোনকালে ঘুৰি অহাৰ প্ৰচুৰ সম্ভাৱনা থাকে ৷ গতিকে মানুহ যি কোনো ৰোগতে আক্ৰান্ত হলে সমাজে তাক ঘ্ণাৰ চকুৰে নাচায় ৰোগীজনৰ ওচৰত গৈ বিভিন্ন প্ৰকাৰে মানসিক শক্তি জন্মাব লাগে ৷ আনহাতে ৰোগ হলেই মানুহে হতাশ হব নালাগে ৷ বৰঞ্চ মানসিক শক্তিৰে ৰোগৰ পৰা মুক্ত হবলৈ চেস্টা কৰিব লাগে ৷ তেওঁ পুনৰ কয় যে, বৰ্তমান সময়ত শিশুৰ মুখত পশু পক্ষী, গছ গছনি, নদী বিল, ফল ফুল বা পৰিবেশ সম্পৰ্কীয় কোনো কথাই শুনা নাপায়, তাৰ পৰিবৰ্তে শিশুৰ মুখত শুনিবলৈ পায় যুদ্ধ, হত্যা, লুণ্ঠণ, ভাৰত পাকিস্তান আদি অপ্ৰাসঙ্গিক কথাবোৰ ৷ ইয়াৰ বাবে তেওঁ অৱশ্যে একাংশ অভিভাৱকক দোষাৰোপ কৰে ৷ কাৰণ নিজৰ পৰিয়ালবোৰত আজি কালি অপ্ৰাসঙ্গিক কথাই বেছি চৰ্চিত হয় ৷ তাৰ পৰা শিশু সকলে আয়ত্ত কৰে ৷ চিকিৎসক গৰাকীয়ে পুনৰ কয় যে, উন্নয়ন এটা জটিল প্ৰক্ৰিয়া ৷ এই প্ৰক্ৰিয়া যি কোনো সময়ত বা তৎকালেই কৰি দিয়া বস্তু নহয় ৷ মন্ত্ৰী বিধায়ক হল বুলিয়ে যে মানুহে বিচৰা ধৰণে তেওঁলোকে উন্নয়ন কৰিব সেইটো সম্ভৱপৰ নহয় ৷ বৰ্তমান সময়ত বিশ্বত উঞ্চতা ব্দ্ধি পোৱা আৰু প্লাস্টিকৰ অপব্যৱহাৰে মানুহৰ জীৱনলৈ এক ভয়াৱহতা নমাই আনিব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে দকৈ চিন্তা কৰাৰ প্ৰয়োজন ৷ শক্তিশালী মনৰ মানুহক কোনো প্ৰতিবন্ধকতাই আগবাঢ়ি যোৱাত বাধাৰ প্ৰচীৰ হব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয যে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই সকলো প্ৰতিবন্ধকতা পাৰ হৈ বীৰদৰ্পে আগবাঢ়ি যোৱাটো ইয়াৰ এটা উদাহৰণ ৷ তেওঁ কয় যে, বহুত চিকিৎসক আৰু পৰীক্ষাগাৰে ৰোগীৰ পৰা কমিচন লৈ চিকিৎসা সেৱাত ব্ৰতী হৈ আছে ৷ অসম স্বাস্থ্য সেৱা সমবায়ে ইয়াক নিৰ্মূল কৰাৰ প্ৰচেস্টা হাতত লৈছে ৷ এই ক্ষেত্ৰত অসমৰ ৰাইজৰ পৰা তেওঁ সহায় বিচাৰিছে ৷ কিয়নো অসম স্বাস্থ্য সেৱা সমবায়ে দেশ ৰাজ্যৰ বহু কেইখন আগশাৰীৰ চিকিৎসালয়ৰ লগত বুজাবুজিৰ চুক্তি কৰি ৰাইজক সকাহ দিয়াৰ চেস্টা চলাই আছে ৷ আলোচনা চক্ৰত উপস্হিত থাকি কৰ্কট ৰোগৰ গবেষক, বিশেজ্ঞ ডা°বিকুল দাসে মানুহে একতাৰে ৰোগৰ বিৰুদ্ধে অৱতীৰ্ণ হলে কভিদৰ দৰে ৰোগৰ স্স্টি হব নোৱাৰে বুলি উল্লেখ কৰি সাহস আৰু শক্তি ৰোগ নিৰাময়ৰ উত্তম পথ বুলি দোহাৰে ৷ পূৰ্বে সত্ৰ সমুহৰ জৰিয়তে নেটৱৰ্ক গঢ়ি তুলি সত্ৰাধিকাৰ বা সত্ৰৰ দায়িত্বত থকা সকলে যি দৰে কামকাজ আগবঢ়াই নিছিল ঠিক সেইদৰে বৰ্তমান সময়ত ডিজিটেল হেল্থ কেয়াৰৰ জৰিয়তে মানুহে নিজৰ ঘৰতে বহি চিকিৎসা গ্ৰহণ কৰিব পাৰিব বুলি কয় ৷ তেওঁ পুনৰ কয় যে এতিয়া এজন চিকিৎসকে এদিনত কমেও ডিজিটেল মাধ্যমৰে ১৫০০ গৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ আদি বা বিভিন্ন দিহা পৰামৰ্শ দিব পাৰিব ৷ ফলত চিকিৎসকৰো প্ৰয়োজন কমি আহিব ৷ কবি ক্ষ্ণ দূৰ চিকিৎসা সেৱা কেন্দ্ৰৰ কৰ্মকৰ্তা সকলে বিগত কভিদ কালত ১৫০০ গৰাকী কভিদ ৰোগীক বিভিন্ন প্ৰকাৰে সুস্থ কৰি তোলাৰ কথাও ভাষণত উল্লেখ কৰে ৷ তেওঁ শুৱালকুছিৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা সকলক মানসিক শক্তি ব্দ্ধি কৰাৰ উদ্দেশ্যে মুগা গবেষাগাৰ মুকলি কৰাৰ কথায়ো দোহাৰে ৷ আলোচনা চক্ৰত ডিজিএম তথা অইলৰ সঞ্চালক দীপক কুমাৰ পাঠক, কাৰ্বন লিমিটেদৰ জি এম শৈয়ানাল ভট্টাচাৰ্য, এচ এচ ইউ এইচ এমৰ পঞ্জীয়ক তথা মুখ্য কাৰ্যবাহী বিষয়া সুজিৎ বৰধান আৰু কবি ক্ষ্ণ দূৰ চিকিৎসা কেন্দ্ৰৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকলৰ লগতে কিছু সংখ্যক স্বাস্থ্যকৰ্মী উপস্থিত থাকে ৷ গুৱাহাটী আই আই টি ৰ গবেষক ছাত্ৰী লেখিকা পাঠকে আত ধৰা উক্ত আলোচনা চক্ৰৰ অন্তত বিশিষ্ট চিকিৎসক ডা° জয়ন্ত বিশ্ব শৰ্মাই শুৱালকুছিৰ ঐতিহাসিক মুগালেটাৰ পৰা মুগাসুতা উৎপাদন কাৰ্যয়ো পৰিদৰ্শন কৰি বিষয়টো সন্দৰ্ভত ডা°বিকুল দাসৰ পৰা বুজ লয় ৷
প্ৰেৰক দিলীপ মেধি