নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাজত শান্তি প্ৰতিষ্ঠাৰ বাবেই মহাপুৰুষসকলৰ আৱিৰ্ভাৱ হয়ঃ মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ প্‌থিবীত যেতিয়া অশুভ-আসুৰিক শক্তিসমুহে গা কৰি উঠি সমাজ জীৱনলৈ ভাবুকী কঢ়িয়াই আনে তেনে সময়তে প্‌থিবীত একো একোজন মহাপুৰুষ স্‌স্টি হৈ দুস্টক দমন আৰু শান্তক পালন ভুমিকা গ্ৰহণ কৰে ৷ আমাৰ সমাজখনতো নৱম – পঞ্চম শতিকাত তেনে এটি অশুভ শক্তি গা কৰি উঠি সমাজখন থানবান কৰিবলৈ ওলোৱাৰ সময়তে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱকে ধৰি চাৰি গৰাকী মহাপুৰুষৰ আৱিৰ্ভাৱ ঘটিছিল ৷ তাৰ ভিতৰত শ্ৰীশ্ৰীদামোদৰদেবো অন্যতম আছিল ৷ এই মন্তব্য অসম সাহিত্য সভাৰ উপ সভানেত্ৰী তথা বিশিষ্ট মহিলা মৃণালিনী দেৱীৰ ৷ আজি মহাপুৰুষ দেবদামোদৰৰ ৫৩৪ সংখ্যক জন্ম জয়ন্তী উপলক্ষে প্ৰকাশ কৰি উলিওৱা “দেৱ দামোদৰ জ্যোতি” নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰি তেওঁ পুনৰ কয় যে সমাজত শান্তি স্হাপনৰ বাবেই মহাপুৰুষ সকলৰ আবিৰ্ভাৱ হয় ৷ ভাষণত তেওঁ মহাপুৰুষ দেৱদামোদৰ জীৱন পৰিক্ৰমা সন্দৰ্ভত বিস্তৃত ভাবে উল্লেখ কৰি মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেবে দামোদৰ নামটো দিয়া বুলি উল্লেখ কৰি গুৰুজনাই তেওঁৰ পত্নীকো দামোদৰ দেৱৰ ওচৰত শৰণ লবলৈ আজ্ঞা দিছিল বুলি দোহাৰে ৷ সাহিত্য সভাৰ উপ সভানেত্ৰীগৰাকীয়ে পুনৰ কয় যে বৰ্তমান সমাজ ব্যৱস্থাৰ ব্যাপক স্খলন হৈছে ৷ সমাজবোৰত সৰু ডাঙৰৰ মান্যমান নাইকীয়া হৈছে ৷ শিষ্টাচাৰ আৰু নৈতিকতাবাদ হেৰাই গৈছে ৷ পূৰ্বৰদৰে উন্নতমানৰ সমাজ ব্যৱস্থা নথকাৰ বাবেই আজিৰ যুৱ প্ৰজন্ম দিশহাৰা হৈ পৰিছে ৷ গতিকে ইয়াৰ পৰিবৰ্তন ঘটাব লাগিব ৷ আজিৰ যুৱ প্ৰজন্মই মহাপুৰুষ সকলৰ আদৰ্শ গ্ৰহণ কৰি আধ্যাত্মিক ধ্যান ধাৰণাৰে সমাজ আগবঢ়াই নিয়াৰ দ্বায়িত্ব গ্ৰহণ কৰিলে বৰ্তমান সমাজবোৰত চলি থকা সকলো দুস্কাৰ্যৰ অন্ত পৰিব আৰু পূৰ্বৰ দৰে সমাজবিলাকত শান্তি সম্প্ৰীতি ঘুৰি আহিব ৷ তেওঁ কয় যে নতুন প্ৰজন্মক আধ্যাত্মিক দিশৰ প্ৰতি আকৰ্ষিত কৰিবলৈ জ্যেষ্ঠসকল যত্নপৰ হব লাগিব ৷ কেৱল অনুস্হান পাতিব লাগে বুলি পাতিলে তাৰপৰা কাৰো একো লাভ নহব ৷ সামাজিক অনুষ্ঠানবোৰে একোটা লক্ষ্য আৰু উদ্দেশ্য লৈ অনুস্হান পাতি নৱ প্ৰজন্মক তাৰ সকলো তত্ব বুজাই দিব পাৰিব লাগিব ৷ নহলে নৱ প্ৰজন্ম সদায় সমাজ ব্যৱস্থাৰ আতৰি থাকিব ৷ সদৌ শুৱালকুছি দেৱদামোদৰ সংঘৰ উদ্যোগত অনুস্টিত জন্মজয়ন্তীৰ স্মৃতিগ্ৰন্থ উন্মোচনী সভা পৰিচালনা কৰে সভাপতি চিন্তামণি দাসে ৷ সম্পাদক ভৱকান্ত বৈশ্যই আঁত ধৰা উক্ত অনুষ্ঠানত ভাগৱত বিশেজ্ঞ তথা শুৱালকুছিৰ বিশিষ্ট নাগৰিক হেমচন্দ্ৰ ভৰালী আৰু সাহিত্যিক পেঞ্চনাৰ তথা বিশিষ্ট প্ৰৱন্ধকাৰ বিপুল চন্দ্ৰ কলিতাই তেওঁলোকৰ নিজৰ নিজৰ ভাষণত মহাপুৰুষ শ্ৰীশ্ৰীদেৱদামোদৰ বিষয়ে উল্লেখ কৰি মহাপুৰুষ গৰাকীৰ আদৰ্শত অনুপ্ৰাণিত হবলৈ উপস্থিত ৰাইজক আহ্বান জনায় ৷ তেওঁলোকে দামোদৰদেবে সমাজ জীৱনলৈ আগবঢ়াই যোৱা অৱদানৰ কথায়ো দোহাৰে ৷ অনুস্হান কামৰূপ দামোদৰদেৱ সংঘৰ সভাপতি বিপিন চন্দ্ৰ শৰ্মা, বিশিষ্ট সমাজকৰ্মী তীৰ্থনাথ কাকতি প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি উপস্হিত থাকে ৷ ইয়াৰ পূৰ্বে ৰাতিপুৱা পতাকা উত্তোলন, গুৰু বন্দনা আই মাত্‌ আৰু ভকত বৈষ্ণৱৰ নাম প্ৰসংগ অনুষ্ঠিত হয় ৷ সন্ধিয়া পতাকা অৱতৰণ কৰা হয় ৷
প্ৰেৰক দিলীপ মেধি

You might also like