সমাজৰ পৰা নাৰী-পুৰুষৰ ব্যৱধান আৰু বৈষম্য আঁতৰি যাবঃ মৃণালিনী দেৱী
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ: “নাৰীসকলে এনে যোগ্যতা আহৰণ কৰিব লাগিব যাতে তেওঁলোকে সকলো সমস্যা নিজস্ব ধৰণে গ্ৰহণ কৰি কল্যাণকামী সমাধান উলিয়াবলৈ সমৰ্থৱান হয়। নাৰীক এনে শিক্ষা দিব লাগে যেতিয়া তেওঁলোকে নিজেই ক’ব তেওঁলোকক কি সংস্কাৰ লাগে।” শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত অনুষ্ঠিত আন্তৰ্জাতিক নাৰী দিৱসত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য আগবঢ়ায় অসম সাহিত্য সভাৰ উপ সভাপতি আৰু লেখিকা মৃণালিনী দেৱীয়ে। তেওঁ আৰু কয় যে ভাৰতবৰ্ষত প্ৰাচীন কালৰপৰা নাৰীৰ সামাজিক স্থিতি সন্মানজনক আছিল। তেওঁ স্বামী বিবেকানন্দৰ ৰচনাৰ উল্লেখ কৰি এদিন সমাজৰপৰা নাৰী-পুৰুষৰ ব্যৱধান আৰু বৈষম্য আঁতৰি যাবই বুলি আশা প্ৰকাশ কৰে ৷ অসম সাহিত্য সভাৰ উপসভাপতিগৰাকীক মহাবিদ্যালয়ৰ তৰফৰ পৰা মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ পূৰ্বে মহাবিদ্যালয়ৰ ছাত্ৰী বৰষা বৰ্মনৰ সুললিত কণ্ঠেৰে পৰিৱেশন কৰা শ্ৰীশংকৰদেৱ বিৰচিত ‘আগু মাই’ বৰগীতেৰে আৰম্ভণি হোৱা সভাখনত অধ্যক্ষ ডঃ দীপেশ চন্দ্ৰ ভাগৱতীয়ে উদ্বোধনী ভাষণ আগবঢ়াই কয় যে সময়ৰ অগ্ৰগতিৰ লগে লগে নাৰীৰ প্ৰগতিও কিছুদূৰ হৈছে, কিন্তু যি সামগ্ৰিক প্ৰগতি বাঞ্ছা কৰা হৈছে সি এতিয়াও সুদূৰ পৰাহত। যি সময়ত বিভিন্ন স্থানত নাৰী দিৱস উদযাপিত হৈছে, সেই একে সময়তে কোনো স্থানত নাৰীয়ে নিজৰ ভাতমুঠিৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে। এনে বঞ্চিত নাৰীৰ উত্তৰণ নোহোৱালৈ সমাজৰ উত্তৰণ সম্ভৱ নহয়। গতিকে সকলোৱে নাৰীৰ সামাজিক স্থিতি সবল কৰিবলৈ আগবাঢ়ি অহাৰ সময় সমাগত। অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী, আৰু বিহু সম্ৰাগ্রী মাধুৰীমা চৌধুৰীয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি কয় যে প্ৰগতিৰ দিশত নাৰী এতিয়াও সমানে আগবাঢ়ি যোৱাটো সম্ভৱ হৈ উঠা নাই। ‘মই এগৰাকী অভিনেত্ৰী হৈও এই কথা অনুভৱ কৰো। ময়ে প্ৰথমে সাহসেৰে আগবাঢ়ি গৈ বিদেশত বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছিলো ৷ ’আমাৰ নাৰীসকল আগবাঢ়ি যাবলৈ অদম্য সাহসৰ প্ৰয়োজন।’ তেওঁ এটি লোকগীত গাই সভাক আহ্লাদিত কৰে। অনুষ্ঠানত শুৱালকুছিৰ উদ্যমী কন্যা বিনীতা বৈশ্যই অংশগ্ৰহণ কৰি উঠি অহা ছাত্ৰ-ছাত্ৰীসকলক তেওঁৰ স্বাৱলম্বী হোৱাৰ, এগৰাকী উদ্যমী হোৱাৰ সংগ্ৰামৰ কাহিনী বৰ্ণনা কৰি সকলোকে আত্মনিৰ্ভৰশীল হবলৈ আহ্বান জনায়। তেওঁ কয় যে কোনো এটা কামত কৃতিত্ব লভিবৰ বাবে আত্ম বিশ্বাসী হৈ নিৰলস ভাবে শ্ৰম কৰিব লাগিব। মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ বন্তি বৰাই সভাপতিত্ব কৰা সভাত ডঃ অনিমা বৈশ্যই ডঃ কৰবি ডেকা হাজৰিকাৰ ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’ আৰু ছাত্ৰী দর্শনা কলিতাই স্বৰচিত ‘সোণজনী মোক ক্ষমা কৰি দিবি’ শীর্ষক কবিতা আবৃত্তি আৰু অনাতাঁৰ শিল্পী ডঃ বন্তি বৰাই এটি গীত পৰিৱেশন কৰে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মহাবিদ্যালয়ৰ Fashion Technology বিভাগৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ তৰফৰপৰা Save Today for a Sustainable Tomorrow নামেৰে এটি অনুষ্ঠান প্ৰদৰ্শন কৰে। ডঃ উৎপলা বৈশ্যই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানৰ আঁত ধৰে ডঃ কাকলি তালুকদাৰে।
প্ৰেৰক দিলীপ মেধি