নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হালধীয়াময় ঢকুৱাখনা : সৰিয়হৰ খেতিয়ে আশা আনিছে খেতিয়কলৈ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰ : চৌদিশে কেৱল হালধীয়াৰ আচ্ছাদন। পুৱাৰ সূৰুযৰ হেঙুলীয়া আভাত প্ৰাণ পাই উঠিছে প্ৰকৃতি। মন-প্ৰাণ পুলকিত কৰা এই প্ৰাকৃতিক শোভাই দৰিদ্ৰ কৃষকৰ জীৱনলৈ আনিছে আশাৰ বতৰা।নৈৰ পাৰৰ পলসুৱা ভূমিত লহপহকৈ বাঢ়িছে সৰিয়হৰ খেতি।ঢকুৱাখনা মহকুমাৰ বিস্তীৰ্ণ পথাৰত চকুৱে মনালৈকে কেৱল হালধীয়া আৱৰণ। যেনিয়েই চায় তেনিয়েই দেখা পোৱা যায় কেৱল সৰিয়হৰ হালধীয়া।চৌদিশে যেন কোনোবাই পাৰি দিছে হালধীয়াৰ দলিচা। হালধীয়াত বিলীন হৈছে ভোমোৰা, মৌমাখিও৷ এই হালধীয়া খিনিয়েই এতিয়া কষ্ট সহিষ্ণু বহু কৃষকৰ কৃষকৰ মুখত হাঁহি বিৰিঙাইছে। প্ৰাপ্তিৰ আনন্দই যেন কৃষকসকলৰ দুখৰ বোজাক বহু দূৰলৈ আঁতৰাই নিছে।কৃষি সৰ্বস্ব ঢকুৱাখনা মহকুমাৰ প্ৰতিখন পথাৰেই কাৰ্যত সৰিয়হৰ হালধীয়া ফুলেৰে এতিয়া একোখন হালধীয়া সাগৰত পৰিণত হৈছে।সৰিয়হৰ হালধীয়া ফুলৰ মাজতেই মহকুমাটোৰ ঢকুৱাখনা, ঘিলামৰা আৰু সোণাৰি চাপৰিৰ তিনিটাকৈ কৃষি চক্ৰৰ অন্তৰ্গত শ-শ কৃষকে দেখিছে অনাগত দিনৰ সমৃদ্ধিৰ সপোন।চাৰিকড়ীয়া ,কঢ়া,দাংধৰা,চামপৰা নদীৰে পৰিবেষ্টিত অঞ্চলটোৰ বিস্তীৰ্ণ কৃষিভূমিত দেখিবলৈ পোৱা গৈছে কৃষকৰ অতি ব্যস্ততাপূৰ্ণ প্ৰতিচ্ছবিৰ লগতে গ্ৰামাঞ্চলৰ চিৰপৰিচিত এক মনোমোহা পৰিৱেশ৷বছৰ বছৰ ধৰি কোনোধৰণৰ চৰকাৰী সাহাৰ্য্য অবিহনেই গাঁঠিৰ ধন ভাঙি ঢকুৱাখনাৰ কৃষকে সৰিয়হৰ খেতিত আত্মনিয়োগ কৰি ৰাজ্যৰ কৃষি অৰ্থনীতিৰ ভেঁটি টনকিয়াল কৰি অহাৰ লগতে নিজৰ পৰিয়াল পোহপাল দি আহিছে।কৃষি বিভাগৰ পৰিসংখ্যা মতে, সমগ্ৰ অসমৰ ভিতৰত ঢকুৱাখনা মহকুমাতেই সৰিয়হ উৎপাদনৰ হাৰ সৰ্বাধিক বুলি পৰিগণিত হৈছে। বিভাগীয় সূত্ৰ মতে, ৰাজ্যৰ অন্যান্য ঠাইৰ উৎপাদিত সৰিয়হতকৈ গুণাগুণৰ দিশৰপৰাও ঢকুৱাখনাত উৎপাদিত সৰিয়হৰ তেল উৎপাদনৰ হাৰ অধিক।কৃষি বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি নৱেম্বৰ মাহলৈকে ঢকুৱাখনা মহকুমাত এইবাৰ ১৬,৫০০ হেক্টৰ ভূমিত কৃষকে কৰিছে সৰিয়হৰ খেতি।মহকুমাটোৰ ঢকুৱাখনা ৰাজহ চক্ৰৰ অধীনৰ ৯,৭০০ হেক্টৰ ভূমিত সৰিয়হৰ খেতিৰ বিপৰীতে সোৱণশিৰি ৰাজহ চক্ৰৰ অধীনৰ ৬,৮০০ হেক্টৰ ভূমিত সৰিয়হৰ খেতি কৰিছে কৃষকে।সম্প্ৰতি ধান কৰা কৃষিভূমিত কৃষকে ধান চপাই পুনৰ সৰিয়হ খেতিৰ বাবে প্ৰস্ততি চলাই থকাত পৰিসংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভৱনা ব্যক্ত কৰিছে মহকুমা কৃষি বিভাগে।কৰ্মই ধৰ্ম জ্ঞান কৰা কেঁচা মাটিৰ গোন্ধ বলীয়া ঢকুৱাখনা মহকুমাৰ এইসকল উদ্যমী কৃষকে কপালৰ ঘাম মাটিত পেলাই সুবিশাল পথাৰ জীপাল কৰি তুলিলেও কিন্তু দুৰ্ভাগ্যজনকভাৱে লাভ কৰা নাই কৃষি বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ সা-সুবিধা। সৰিয়হ খেতিকেই জীৱিকাৰ উপায় হিচাপে লৈ জীৱন সংগ্ৰামত নামি পৰা ঢকুৱাখনা মহকুমাৰ গৰিষ্ঠ সংখ্যক কৃষকেই আজিকোপতি কোনো এখন চৰকাৰৰ পৰা কোনো ধৰণৰ আঁচনিৰ বিশেষ সুবিধা লাভ কৰিবলৈ সক্ষম ন’হল।আনকি নিজৰ পকেটৰ ধনেৰে বা ঋণ লৈ কৃষি কৰ্ম কৰা গৰিষ্ঠ সংখ্যক কৃষকে উৎপাদিত সৰিয়হ বিক্ৰী কৰিবলৈ এখন উপযুক্ত বজাৰ লাভ নকৰাৰ বাবেই প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ আহিছে।ফলত মধ্যভুগীয়ে বছৰি লাভ কৰিছে খেতিয়কৰ লাভৰ ধন।তদুপৰি শ শ কৃষক পৰিয়ালে টেক্টৰ-পাৱাৰটিলা আধুনিক কৃষি পদ্ধতিৰ সলনি আওপুৰণি পদ্ধতিৰেই সৰিয়হ খেতি কৰি আহিছে।যাৰ বাবে বিভিন্ন সময়ত বহু আহুকালৰ সন্মুখীন হ’বলগীয়া হয় কৃষকসকল। সৰিয়হ খেতিক কেন্দ্ৰ কৰি সম্ভাৱনাপূর্ণ উদ্যোগ প্ৰতিষ্ঠা কৰি চৰকাৰে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে কৃষকসকলে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like