নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চোৰাং গো-ধনৰ সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো বঙাইগাঁও জিলাৰ যোগীঘোপাত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। জিলাখনৰ যোগীঘোপা থানাৰ অন্তৰ্গত চটপাৰাত যোৱা নিশা বীৰ লাচিত সেনাই ৬ টাকৈ চোৰাং গৰু জব্দ কৰে ।জানিব পৰা মতে, যোৱা নিশা চোৰাং গো ব্যৱসায়ীয়ে চটপাৰাৰ পৰা ৬ টাকৈ চোৰাং গৰু ব্ৰহ্মপুত্ৰ নৈৰে অন্য স্থানলৈ সৰবৰাহ কৰিব ধৰে। এই খবৰ বীৰ লাচিত সেনাই লাভ কৰি চটপাৰাত গৰু কেইটাক আটক কৰি গো ব্যৱসায়ীক সোধ-পোচ কৰে। নিশা এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি গো ব্যৱসায়ী গৰু এৰি উক্ত স্থানৰ পৰা পলায়ন কৰে। পিছত যোগীঘোপা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ চোৰাং গৰু কেইটা জব্দ কৰি থানালৈ নিয়ে ।উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চোৰাং গৰু সৰবৰাহ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতে আৰক্ষীয়ে এই ক্ষেত্ৰত অধিক তৎপৰ হৈ পৰিছে যদিও একাংশ দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছে গৰুৰ অবৈধ সৰবৰাহ।দীৰ্ঘদিনৰ পৰা বঙাইগাঁও জিলাত চোৰাং গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছিল একাংশ গৰু সৰবৰাহকাৰীয়ে।একাংশ গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে আন জিলাৰ পৰা গাড়ীৰে চোৰাং গৰু যোগীঘোপাৰ বিভিন্ন স্থানত নৈৰ পাৰ লৈ আনি ব্ৰহ্মপুত্ৰ নৈত নাৱৰে গোৱালপাৰা জিলাৰ লক্ষিপুৰ, জলেশ্বৰলৈ সৰবৰাহ কৰি আহিছে ।জনা মতে, চোৰাং গৰু বেপাৰীয়ে গোৱালপাৰা জিলাৰ লক্ষিপুৰ,জলেশ্বৰৰ পৰা পোনে পোনে চুবুৰীয়া ৰাজ্য মেঘালয় আৰু চুবুৰীয়া দেশ বাংলাদেশলৈ সৰবৰাহ কৰি আহিছে। অভিযোগ মতে, গোৱালপাৰা জিলাৰ লক্ষিপুৰ আৰু জলেশ্বৰৰ চোৰাং গৰু বেপাৰীয়ে স্থানীয় কেইগৰাকী গো-ব্যৱসায়ীৰ সহযোগত দীৰ্ঘদিনৰ পৰা দিনে-নিশাই যোগীঘোপাৰ মাজেৰে অবৈধ ভাৱে এনেদৰে গৰু সৰবৰাহ অব্যাহত ৰাখিছে ।জনা মতে, কালি বৰপেটা জিলাৰ বাঘবৰৰ পৰা গো ব্যৱসায়ীয়ে গৰু কেইটা মোহনপুৰলৈ আনিছিল। মোহনপুৰৰ পৰা চোৰাং গৰুকেইটা খোজকাঢ়ি চটপাৰাৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰলৈ নিয়ে আৰু তাৰ পৰা নিশাই ব্ৰহ্মপুত্ৰ নৈৰে অন্য স্থানলৈ সৰবৰাহ কৰাৰ যো-জা চলায়। ঠিকে তেনে মুহূৰ্ততে বীৰ লাচিত সেনাৰ সদস্যই নিশা চোৰাং গৰুকেইটা আটক কৰি যোগীঘোপা আৰক্ষীক গতাই দিয়ে। যোগীঘোপা অব্যাহত থকা চোৰাং গো-সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিব’লৈ স্থানীয় ৰাইজে দাবী জনাইছে।
প্ৰেৰক টিংকু চন্দ্ৰ দাস