বাৰ্তা ব্যুৰো, ২ আগষ্ট : যোগীঘোপাৰ পৰা বৰপেটা, হাজো, শুৱালকুছি আৰু আমিনগাঁৱক সংলগ্ন কৰি এই অতি পিছপৰা অঞ্চলটোক ভাৰতৰ ৰে’ল মানচিত্ৰত অনতি পলমে অন্তৰ্ভুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আশ্বাস প্ৰদান কৰিছে। আজি নতুন দিল্লীৰ সাংসদ ভৱনত ৰেলপথ দাবী সমিতিৰ এটা প্ৰতিনিধি দলক মন্ত্ৰীগৰাকীয়ে এই আশ্বাস দিছে। যোগীঘোপা, বৰপেটা, হাজো, শুৱালকুছি আৰু আমিনগাঁও ৰে’ল পথ দাবী সমিতিৰ মুখপাত্ৰ যুগান্ত বায়নে প্ৰকাশ কৰা এটা বিবৃতি যোগে জানিবলৈ দিয়া মতে দাবী সমিতিৰ সভাপতি কুমাৰ দীপক দাস, সম্পাদক ভূপেন ৰয়, গুনিন্দ্ৰ নাথ দাস, উপসভাপতি পুলিন কুমাৰ পাঠক, সদস্য কেশৱ দেৱ শৰ্মা, ধ্ৰুৱ তালুকদাৰ আৰু ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সৈতে যোৱা এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি যোগীঘোপাৰ পৰা বৰপেটা, হাজো, শুৱালকুছি আৰু আমিনগাঁৱক সংযোগ কৰি এটা নতুন ৰে’লপথ নিৰ্মাণৰ বাবে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰখনত দাবী সমিতিয়ে কয় যে, ২০১১ চনতেই উক্ত অঞ্চলসমূহক ৰে’লৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰয়োজনীয় জৰীপ কাৰ্য্য ৰে’ল বিভাগে সম্পন্ন কৰিছিল। দাবী সমিতিৰ প্ৰবল হেঁচাৰ বাবে ৰে’ল মন্ত্ৰণালয়ে ৰে’লপথটো নিৰ্মাণৰ বাবে প্ৰাথমিক পদক্ষেপ গ্ৰহণ কৰিছিল যদিও এক ৰহস্যজনক কাৰণত ৰে’ল বাজেটত পথটো নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ধনৰ আৱন্তন লাভ নকৰাত ৰে’ল বিভাগৰ কামৰ অগ্ৰগতি একেবাৰে বন্ধ হৈ পৰিছে। স্মাৰক পত্ৰ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে জৰীপ কাৰ্য্য সম্পন্ন হোৱাৰ পিছতো কি কাৰণত কামৰ অগ্ৰগতি হোৱা নাই সেই সম্পৰ্কত গভীৰ আচৰ্য্য প্ৰকাশ কৰে। প্ৰতিনিধি দলটোৰ সন্মুখতে বিভাগীয় বিষয়াবৰ্গক এক বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত অতি সোনকালে বিভাগীয়ভাৱে কৰিব লগা কাম-কাজ সিপ্ৰ গতিত সম্পন্ন কৰা হ’ব বুলি প্ৰতিনিধি দলটোক আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে, এই ৰে’লপথটো নিৰ্মাণ হৈ উঠিলে কেইবাটাও অনগ্ৰসৰ অঞ্চলৰ লোক যাতায়তৰ ক্ষেত্ৰত অতিকৈ উপকৃত হ’ব। ইয়াৰ উপৰিও প্ৰস্তাৱিত ৰে’লপথটোৱে ঐতিহ্য মণ্ডিত বিজনী ৰাজ্যৰ কোচ ৰজাৰ ৰাজধানী অভয়াপুৰীকে ধৰি ঐতিহাসিক শৰাইঘাট যুদ্ধৰ সাক্ষী আমিনগাঁও অঞ্চলৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰি তুলিব। ইয়াৰ লগতে প্ৰস্তাৱিত ৰে’লপথটোৱে বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ সত্ৰ নগৰী বৰপেটা, সমন্বয় নগৰী হাজো আৰু পাট-মুগা কাপোৰৰ বাবে বিশ্ব বিখ্যাত শুৱালকুছিৰ আৰ্থসামাজিক আৰু সাংস্কৃতিক দিশৰ উত্তৰণৰ ক্ষেত্ৰত প্ৰভূত অৰিহণা আগবঢ়াব। ৰে’লপথ দাবী সমিতিয়ে আগন্তুক লোকসভা নিৰ্বাচনত আগতে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত এক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে।
প্ৰেৰক নৱজিত বায়ন