নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ খোৰাগাঁৱত আৱাসিক বিদ্যালয়ত বেদখলকাৰীৰ বাধাঃ ৰাজহুৱা সভাত বেদখলকাৰীৰ বিৰুদ্ধে সৰৱ গঞা

নিয়মীয়া বাৰ্তা, ৯ জুনঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত খোৰাগাঁৱত চৰকাৰী ভূমিত নিৰ্মিয়মান ত্ৰিশ কোটি টকীয়া ব্যয় সাপেক্ষ আবাসিক বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে বেদখলকাৰীৰ সৈতে হোৱা উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত আজি প্ৰশাসনে স্থানীয় লোকৰ লগতে বেদখলকাৰীৰ সৈতে মত বিনিময় কৰাৰ উদ্দেশ্যে সভা অনুষ্ঠিত হয় ৷ সভাত উত্তৰ শালমাৰাৰ মহকুমাধিপতি, সৃজনগ্ৰাম ৰাজহ চক্ৰৰ বিষয়া, যোগীঘোপাৰ আৰক্ষী বিষয়া, চক্ৰ বিষয়া,চি আৰ পি এফ জোৱানৰ লগতে কেবা শতাধিক স্থানীয় লোক উপস্থিত থাকে যদিও সভাখনত বেদখলকাৰী কোনো উপস্থিত নাথাকিল ৷ সভাত স্থানীয় লোক, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আদি সংগঠনে বেদখলকাৰীৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে চলাই নিয়াৰ লগতে বেদলকাৰীৰ খোপনি উচ্ছেদ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায় ৷ উল্লেখ্য যে, নিজকে ভূমিহীন বুলি পৰিচয় দিয়া একাংশ দুস্কৃতিকাৰীয়ে নিৰ্মাণস্থলীত শ্ৰমিকক কালি মাৰপিট কৰা কাৰ্যই এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে ৷আনকি নিৰ্মাণ  কাৰ্যত বাধ্য আৰোপ কৰে ৷ এইক্ষেত্ৰত সিংহভাগ মহিলাই ভূমিকা লোৱা বাধা আৰোপ কাৰ্যত শ্ৰমিকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা সময়তে  উত্তেজিত হৈ পৰে প্ৰতিবাদকাৰীসকলে ৷ লক্ষনীয় বিষয় যে, নিৰ্মাণ কাৰ্য সুকল ৷ এই লৈ আজি সভাখনৰ আহ্বান কৰা হৈছিল ৷ জানিব পৰামতে, ২০১৮ চনতে এম এছ ডি পি আঁচনিৰ অধীনত বঙাইগাঁও জিলাত আবাসিক বিদ্যালয় স্থাপনৰ বাবে ধনৰ আবন্টন দিয়ে ৷ সেইমতে বঙাইগাঁও জিলা প্ৰশাসন তথা সৃজনগ্ৰাম ৰাজহ  চক্ৰই জিলাখনৰ উত্তৰ শালমাৰা মহকুমাৰ অধীনস্থ সৃজনগ্ৰাম ৰাজহ চক্ৰই পাচনীয়া-খোৰাগাওঁ পঞ্চায়তৰ মালেগড় পাহাৰৰ পাদদেশৰ ৪২ নং দাগৰ খাচ হৈ থকা ৪৫৬ বিঘা ভূমিৰ ৪২ বিঘা ভূমিত আবাসিক বিদ্যালয় স্থাপনৰ বাবে নিৰ্দিষ্ট কৰে ৷ সেইমতে তাত বসবাস কৰা ভূমিহীন ২/৪ টা পৰিয়ালক নিকটবৰ্ত্তী এলেকাত ভূমি দি সংস্থাপন দিয়ে ৷ তাৰ পাচত  দায়িত্বৰত ঠিকাদাৰে বিদ্যালয় ভৱন তথা চৌহদ নিৰ্মাণৰ কাম আৰম্ভ কৰে যদিও একাংশ মাটিৰ দালালে নিজকে ভূমিহীন বুলি পৰিচয় দি নিৰ্মাণ কাৰ্যত বাধা আৰোপ কৰে ৷ স্থানীয় লোকে জানিবলৈ দিয়ে যে, উক্ত অঞ্চলত থকা ৪৫৬ বিঘা ভূমিত আছিল মাটিৰ দালালৰ শেনচকু ৷ দালাল চক্ৰই একাংশ নদী ভগনীয়া বুলি পৰিচয় দিয়া লোকক লাখ লাখ টকাৰ বিনিময়ত চৰকাৰী ভূমি বিক্ৰী কৰি আহিছে ৷ এনে স্থলত তাৰ মাজতে বিদ্যালয়খন স্থাপন হলে সান্দহ খোৱা বালি তল পৰাৰ ভয়ত প্ৰতিবাদৰ নাটক অব্যাহত ৰাখে বেদখলকাৰীয়ে ৷

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like