নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শর্মাক জনাব পাৰিব ওজৰ-আপত্তি, কিন্তু কেনেকৈ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মাৰ্চঃ সাধাৰণ ৰাইজৰ সমস্যা–অভিযোগ সমাধানৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ সদিচ্ছা কিমান? বিভিন্ন সময়ত উত্থাপিত এনে প্রশ্ন তথা চর্চাৰ মাজতে সর্বসাধাৰণৰ সমস্যা দূৰ কৰাৰ লক্ষ্যৰে আৰম্ভ হ’ল ৰাজ্য চৰকাৰৰ জনহিতাধিকাৰী এক বিশেষ প্লেটফর্ম ‘কানেক্ট চীফ মিনিষ্টাৰ আছাম’৷ অভিযোগ তথা ওজৰ–আপত্তি নিৰাময়ৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ উদ্যোগত আৰম্ভ হোৱা এই প্লেটফর্মৰ জৰিয়তে সাধাৰণ ৰাইজে দাখিল কৰিব পাৰিব যিকোনো সমস্যাৰ অভিযোগ৷

📌 বিধায়ক মনোৰঞ্জন তালুকদাৰক লাগে এটা HEAVY AMOUNT ! 📌 বিধায়কৰ AMOUNT COLLECTIONৰ ফোনকল ভাইৰেল। 📌 এই কণ্ঠ CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বুলি কোৱা হৈছে।

মুখ্যতঃ সমাধানৰ প্রয়োজনীয়তা থকা সমস্যা আৰু অভিযোগক চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ লক্ষ্যৰে সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা এই প্লেটফর্মৰ কথা মাজিক মাধ্যম এক্স হেণ্ডেলযোগে মুখ্যমন্ত্রী ড০ শর্মাই ৰাজহুৱা কৰে৷ যিকোনো সমস্যা–অভিযোগৰ বুজ লোৱা আৰু সমাধানৰ বাবে প্রস্তুত কৰা এই প্লেটফর্মৰ জৰিয়তে সাধাৰণ ৰাইজে নিজৰ নিজৰ সমস্যা–অভিযোগক মুখ্যমন্ত্রী ড০ শর্মাৰ ওচৰত দাখিল কৰিব পাৰিব৷ ফেচবুক, ইনষ্টাগ্রামৰ জৰিয়তে মুখ্যমন্ত্রী ড০ শর্মালৈ সমস্যাৰ বার্তা–ভিডিঅ’ প্রেৰণ কৰি সাধাৰণ ৰাইজে চৰকাৰৰ পৰা উলিয়াই ল’ব পাৰিব সমাধান৷ জনহিতকৰ এই প্লেটফর্মৰ জৰিয়তে এতিয়াৰে পৰা প্রতিজন নাগৰিকে মুখ্যমন্ত্রী ড০ শর্মাৰে সংযোগ হ’ব পাৰিব৷ বিগত সময়ছোৱাত মুখ্যমন্ত্রী ড০ শর্মাই ফেচবুক লাইভযোগে সাধাৰণ ৰাইজক বার্তা প্রেৰণৰ সময়ত বহু লোকে প্রয়োজনীয় কেতবোৰ সমস্যাৰ কথা কমেণ্টত প্রেৰণ কৰি আহিছে৷ নিযুক্তিৰ ক্ষেত্রতেই হওক, ৰাজহুৱা সমস্যা সমাধানৰ ক্ষেত্রতেই হওক মুখ্যমন্ত্রী ড০ শর্মাৰ কমেণ্ট বক্স কম সময়ৰ ভিতৰতে ভর্তি কৰি আহিছে ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ নাগৰিকসকলে৷ মুখ্যতঃ এই বিষয়টো দৃষ্টিগোচৰ কৰিয়েই শেহতীয়াকৈ অভিযোগ–আপত্তি নিৰাময়ৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাৰ উদ্যোগত মুকলি কৰা হ’ল সমস্যা সমাধানৰ বাবে এক জনহিতকৰ প্লেটফর্ম৷ ফেচবুক আৰু ইনষ্টাগ্রামৰ লিংক খুলি প্রতিজন নাগৰিকে তেওঁলোকৰ সমস্যা–ভিযোগ মুখ্যমন্ত্রী ড০ শর্মাৰ ওচৰত পোনপটীয়াকৈ এতিয়াৰে পৰা দাঙি ধৰিব পাৰিব৷

You might also like