নিয়মীয়া বাৰ্তা, ৩ আগষ্ট : কৰ্তব্যৰত আৰক্ষীক বাধা প্ৰদান কৰাৰ বাবে মৈৰাবাৰীত গ্ৰেপ্তাৰ হৈছে ৮জনকৈ লোক। কালি মৈৰাবাৰী বজাৰত তালাচী চলাই থকা সময়ত কৰ্তব্যৰত আৰক্ষীৰ জোৱান এজনে জব্দকৃত স্কুটী এটা হেলমেটবিহীনভাৱে থানালৈ চলাই গৈ থাকোঁতে মৈৰাবাৰী বজাৰত একাংশ যুৱকে কনিষ্টবলজনক অপদস্থ কৰিছিল। বিষয়টো ভাইৰেল হৈ পৰাত আৰক্ষী সঞ্চালকপ্ৰধানে টুইটযোগে বিহীত ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়াৰ পিছতে ৰাতুল আহমেদ, দিলদাৰ হুছেইন, খাইৰুল ইছলাম, ৰিব্বুল ইছলাম, জাকাৰিয়া আলম, দিলদাৰ ইছলাম, ইমদাদুল ইছলাম আৰু বাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে লোককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰন কৰিছে। বাতৰি লিখা পৰলৈকে ৮জনক আৰক্ষীয়ে কৰায়ত্ত কৰিছে যদিও আৰু একাধিক লোকক ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।
প্ৰেৰক তাৰিকুল ইছলাম