🔹 নগৰবেৰা পিজুপাৰাত শোকাকুল পৰিৱেশ
নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : কামৰূপৰ নগৰবেৰা পিজুপাৰা নিবাসী ভগীৰথ কলিতাৰ পুত্ৰ ভাস্কৰজ্যোতি কলিতা (২৫)ৰ যোৱানিশা এক পথ দুৰ্ঘটনাত পতিত হৈ চাংসাৰিত কৰুণ মৃত্যু ঘটে |জানিব পৰা মতে, চাংসাৰি এইমছৰ সন্মুখভাগত যুৱকজনে বিফাৰ্ম’ ডিগ্ৰী লৈ ফাৰ্মাচীৰ ব্যৱসায় কৰিছিল | যোৱানিশা আনুমানিক ১১.৩০ বজাত ফাৰ্মাচী বন্ধ কৰি ৰুম অভিমুখে গৈ থকা অৱস্থাত এ এছ ০১-ই জেদ-৪২৭৯ নম্বৰৰ পালচাৰ এম এছ ২০০ বাইকখনেৰে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত প্ৰচণ্ড জোৰত খুন্দিওৱাৰ ফলত যুৱকজনৰ থিতাতে মৃত্যু ঘটা বুলি আৰক্ষীক স্থানীয় লোকে অৱগত কৰে | নিথৰ দেহ ততালিকে আৰক্ষীয়ে চিকিৎসালয়লৈ নিছিল যদিও তেতিয়ালৈকে জীয়াই নাথাকিল যুৱকজন | আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষালৈ নিয়াৰ দিহা কৰে | খবৰ পাই পিজুপাৰাৰ পৰিয়ালটোত হাহাকাৰ লাগে। অঞ্চলজুৰি এক শোকাকুল পৰিৱেশ বিৰাজ কৰে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস