বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : কালি বিয়লি প্রায় ৪.৩০ বজাত অহা এজাক প্রচণ্ড ধুমুহাত এজোপা গছ পৰি এজন যুৱকৰ কৰুণ মৃত্যু ঘটে। চৰাইদেউ জিলাৰ টেঙাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত বানটুং গাঁও পঞ্চায়তৰ বেলেংবাৰীৰ ৩নং ৱাৰ্ডৰ দিগন্ত কুৰ্মীয়ে (৩৪) ঘৰৰ সমীপৰ চাহ বাগিচাত কাম কৰি থকা অৱস্থাত হঠাৎ অহা তীব্র ধুমুহাত এজোপা প্রকাণ্ড গছ উভালি যুৱকজনৰ গাত পৰে আৰু গছৰ চেপাত আবদ্ধ হৈ পৰে। স্থানীয় ৰাইজৰ সহযোগত যুৱকজনক উদ্ধাৰ কৰি মথুৰাপুৰ প্রাথমিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়ত কোনো চিকিৎসক নথকাত ৰাইজে ততাতৈয়াকৈ জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। চিকিৎসাৰত অৱস্থাতে সন্ধিয়া দিগন্ত কুৰ্মীৰ কৰুণ মৃত্যু ঘটে। দুজন ককায়েক, কনিষ্ঠ ভাতৃ আৰু এগৰাকী ভগ্নীক এৰি যোৱা দিগন্ত কুৰ্মীৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
প্ৰেৰক দীপাংকৰ পাল