নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙৰ বকলীয়াঘাটত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

বিশেষ বাৰ্তা, ২০ জুন : কাৰ্বি আংলঙৰ বকলীয়াঘাটত এক যুৱকে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লয়। বুধবাৰে নিশা ঘটনাটো সংঘটিত হৈছে বকলীয়াঘাট থানা এলেকাৰ আটিগাঁও-হগলাকটা গাঁও পথত। গাঁওখনৰ এঘৰত আহি যুৱক এজনে বিদ্যুৎ পৰিবাহী তাঁৰ মেৰামতি কৰিবলৈ গছত জখলা লগাই ওপৰলৈ উঠে। তেতিয়াই হঠাৎ বিদ্যুৎস্পৃষ্ট হৈ ঘৰৰ ছালত পৰি যায়। লগে লগে স্থানীয় লোকৰ সহযোগত প্ৰথমে বকলীয়াঘাট চিকিৎসালয় আৰু পাছত হাওৰাঘাট চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ঘটনাত নিহত যুৱকজন বকলীয়াঘাট থানাৰ অন্তৰ্গত পূব শিলপূটা চৌহানবস্তি নিৱাসী প্ৰয়াত কানহাইয়া সিঙৰ পুত্ৰ দীনেশ সিং। ইতিমধ্যে বকলীয়াঘাট আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। ঘটনাত নিহত যুৱকজন বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী হয় নে সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like