নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কচু বিচাৰিবলৈ গৈ দ খাৱৈত পৰি যুৱকৰ প্ৰাণহানি

🔹 চামগুৰিৰ পহুকটা আমনিগাঁৱত শোকৰ ছাঁ 

নিয়মীয়া বাৰ্তা,  ৯ জুন : নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পহুকটা আমনিগাঁৱৰ পথাৰত আজি এজন যুৱকৰ এটা দ খাৱৈত পৰি সলিল সমাধি ঘটা ঘটনাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ জানিব পৰা মতে, চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পহুকটা আমনিগাঁৱৰ প্ৰিয়ম বৰা (১৭) নামৰ যুৱকজনে আজি দিনৰ প্ৰায় ১০.৩০ বজাত এজন বন্ধুৰ সৈতে পথাৰত কচু বিচাৰিবলৈ গৈছিল ৷ পৰৱৰ্তী সময়ত দুই বন্ধুৱে পথাৰত কচু বিচাৰি থকাৰ সময়তে প্ৰিয়ম বৰা নামৰ যুৱকজনে পিছল খাই দ খাৱৈত পৰি সন্ধানহীন হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত চামগুৰি আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ খাৱৈটোৰ পৰা প্ৰিয়মৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে খাৱৈটোৰ সৈতে পথাৰৰ পানী একাকাৰ হৈ থকাৰ কাৰণে উক্ত শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় একাংশ লোকে জানিবলৈ দিয়ে ৷ খাৱৈত পৰি মৃত্যু হোৱা যুৱকজন পুৰণিগুদাম কলংপাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ আছিল ৷ যুৱকজনৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ।

 

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা
You might also like