নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৰগাঁৱত পুখুৰীত সলিল সমাধি যুৱকৰ

নিয়মীয়া বাৰ্তা,  ৮ আগষ্ট : আজি পুৱা প্ৰায় ৯.৩০ বজাত দেৰগাঁৱৰ সমীপৱৰ্তী বৰুৱা গাঁৱৰ কাকতি চুকত সংঘটিত হয় এক কৰুণ ঘটনা । দ পুখুৰীত পৰি সলিল সমাধি ঘটে অনুপম ভৰালী নামৰ এজন সৰবৰহী যুৱকৰ। প্ৰতক্ষ্যদৰ্শীয়ে জানিবলৈ দিয়া মতে, প্ৰতিদিনা যোৱাৰ দৰেই আজি  পুৱাও যুৱকজনে ঘৰৰ নাতিদূৰৈৰ হাবিৰ মাজত থকা নিজৰ প্ৰকাণ্ড পুখুৰীটোত মাছক দানা দিবলৈ গৈছিল। হাতত আছিল এটা বৰশী। জনশূন্য পুখুৰীটোত হঠাতে পিছলি পৰি যায় যুৱকজন। পুখুৰীটোৰ কিছু দূৰৰ খেতিপথাৰত কঠীয়া তুলি থকা এগৰাকী মহিলাই দৃশ্যটো প্ৰত্যক্ষ কৰি হুলস্থূল কৰাত স্থানীয় লোকে উপস্থিত হৈ পুখুৰীৰ পৰা উদ্ধাৰ কৰে যুৱকজনক। অজ্ঞান অৱস্থাত থকা যুৱকজনক ততাতৈয়াকৈ স্থানীয় লোকৰ তৎপৰতাত দেৰগাঁৱৰ সামূহিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজনক। অঞ্চলটোৰ  এজন জনপ্ৰিয় আৰু উদ্যমী যুৱকৰ এই কৰুণ মৃত্যুৰ ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে অঞ্চলটোত ।
প্ৰেৰক ভাস্কৰজ্যোতি বৰদলৈ
You might also like