বিশেষ বাৰ্তা, ২৪ জুলাইঃ আজি দুপৰীয়া গোলাঘাট নগৰৰ মাজমজিয়াত সংঘটিত এক নৃশংস হত্যাকাণ্ডই চৌদিশে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে গোলাঘাট নগৰৰ দাঁতি-কাষৰীয়া শালমৰা ফৰেষ্ট কলনীৰ সমীপৰ নাজিবুৰ ৰহমান নামৰ এজন যুবকে আজি দুপৰীয়া নগৰৰ হিন্দী স্কুল পথৰ সঞ্জীৱ ঘোষৰ ঘৰত প্ৰবেশ কৰি সঞ্জীৱ ঘোষ তেওঁৰ পত্নী জুনু ঘোষ আৰু তেওঁৰ জীয়ৰী সংঘমিত্ৰা ঘোষক ঘপিয়াই অতি নৃশংস ভাবে হত্যা কৰি পলায়ন কৰে । অভিযুক্ত নাজিবুৰ ৰহমান সম্বন্ধত সঞ্জীৱ ঘোষৰ জোৱাইয়েক।এই হত্যাকাণ্ড সংঘটিত কৰি নাজিবুৰে সংঘমিত্ৰা ঘোষৰ নমহীয়া পুত্ৰ সন্তানটিক লগত লৈ উধাও হয় । পৰিয়ালৰ সূত্ৰই জনোৱা মতে দুগৰাকী কন্যা সহ সঞ্জীৱ ঘোষৰ পৰিয়ালটোৰ দ্বিতীয় গৰাকী কন্যা আজি কাজিৰঙা বিশ্ববিদ্যালয় অধ্যয়নৰত অবস্থাত থকাৰ বাবে তেওঁ এই নৃশংস ঘটনাৰ পৰা দৈবক্ৰমে ৰক্ষা পৰে । সূত্ৰটোৰ পৰা জানিব পৰা মতে , বিগত তিনিবছৰ পূৰ্বে সঞ্জীৱ দাসৰ প্ৰথমা কন্যা সংঘমিত্ৰা ঘোষ বিবাহপাশত আবদ্ধ হৈছিল নাজিবুৰ ৰহমানৰ সৈতে । বিবাহৰ কিছুদিনৰ পাছতে নাজিবুৰ ৰহমানে পত্নী সংঘমিত্ৰা ওপৰত বিভিন্ন প্ৰকাৰে অত্যাচাৰ চলোৱাত ঘোষ পৰিয়ালে পুনৰ সংঘমিত্ৰাক পিতৃ গৃহলৈ ঘূৰাই আনে। কিন্তু,পিতৃ গৃহলৈ ঘূৰি অহাৰ পাছতো প্ৰায়ে নাজিবুৰে শহুৰেকৰ ঘৰলৈ আহি সংঘমিত্ৰাৰে হাই কাজিয়া কৰা মাৰপিট কৰিব ধৰে। পাছত পৰিয়ালটোৱে উপায়ন্তৰ হৈ নাজিবুৰৰ ওপৰত গোচৰ তৰাত আৰক্ষীয়ে নাজিবুৰক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। কিছুদিন নাজিবুৰে কাৰাগাৰৰ বন্দীত্বৰ জীৱন কটাই মুকলি আকাশৰ তললৈ ওলাই অহাৰ পাছতে পুনৰ সংঘমিত্ৰাক হাৰাশাস্তি কৰি মাৰপিট কৰা আৰম্ভ কৰে। আজিও আনদিনাৰ দৰেই নাজিবুৰে শহুৰেকৰ ঘৰত উপস্হিত হোৱাৰ কোনো কথাত কাজিয়াৰ সূত্ৰপাত হয় আৰু তাৰ পৰিনতিতে নাজিবুৰে এই নৃশংস হত্যাকাণ্ডটো সংঘটিত কৰা বুলি পৰিয়ালৰ লোকে দাবী কৰিছে। পৰিয়ালৰ সূত্ৰটোৰ মতে প্ৰতিদিনৰ দৰে ঘৰখনৰ সৰু কন্যা অংকীয়া ঘোষে আজিও দুপৰীয়া ভি ডি অ’ কল যোগে পৰিয়ালটোৰ সৈতে কথা পাতি থাকোতেই নাজিবুৰৰ সৈতে কাজিয়া কৰাৰ কথা জানিব পৰিছিল। আনকি অংকীতাই নাজিবুৰক হাতত এখন দা লৈ থকা দেখি ভয়ৰ্ত হৈ কথা পাতি থাকোতেই ফোনৰ সংযোগ বিচ্ছিন্ন হৈ পৰাত ততাতৈয়াকৈ অংকীতাই তেওঁৰ জেঠায়েকক ফোন কৰি বিষয়টো অবগত কৰিছিল। লগে লগে অংকীতাৰ জেঠায়েক আহি সঞ্জীৱ ঘোষৰ ঘৰত উপস্হিত হোৱাত জেঠায়েকে ৰক্তাক্ত মৃতদেহ সমূহ প্ৰত্যক্ষ কৰি আৰক্ষী খবৰ দিয়ে। মনকৰীবলগীয়া যে হত্যাকাৰীয়ে তিনিওজন ব্যক্তিকে ক্ৰমে পাকঘৰ,ড্ৰয়িং ৰুম আৰু শোৱনীকোঠাত পৃথকে পৃথকে কাটি পেলায় থৈছিল। ইফালেদি,স্থানীয় ৰাইজে সঞ্জীৱ ঘোষক দিনৰ ১২.৩০ মান বজালৈকে ঘৰৰ সন্মুখৰ দোকানে পোহাৰে দেখি আছিল যদিও ঘটনাৰ সময়ত কোনো চিঞৰ বাখৰ শুনা নাছিল বুলি মন্তব্য কৰিছে । অবশ্যে দুপৰীয়া প্ৰায় ১ বজাত অহাৰ মুষলধাৰ বৰষুণৰ মাজতে হত্যাকাৰীয়ে এই নৃশংস কাণ্ড সংঘটিত কৰা বুলি ৰাইজে সন্দেহ ব্যক্ত কৰিছে। অন্যথা পথৰ দাঁতিত সঞ্জীৱ ঘোষৰ ঘৰৰ প্ৰথম মহলাত তিনিজন কৈ লোকক হত্যা কৰা ঘটনাৰ তিলমানো উমান নোপোৱাৰ কোনো কাৰন থাকিব নোৱাৰে বুলিও ৰাইজে মত প্ৰকাশ কৰিছে। আনহাতেদি, অভিযুক্ত নাজিবুৰ ৰহমানে সংঘমিত্ৰা ঘোষৰ নমহীয়া পুত্ৰক লৈ উধাও হৈছিল যদিও গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতু ডেকাৰ তৎপৰতাত গোলাঘাট নগৰৰ পৰাই আৰক্ষীয়ে নাজিবুৰ ৰহমানক আটক কৰাৰ লগতে কনমানি সন্তানটিক সুস্থ শৰীৰেৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালেদি, আৰক্ষীয়ে নাজিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ পাছতে একাংশ ৰাইজে হত্যাকাৰীক ফাচী দিয়াৰ দাবীত গোলাঘাট সদৰ থানাৰ সন্মূখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাইজৰ দাবী এই সমগ্ৰ হত্যাকাণ্ডৰ ঘটনা ফ্ৰাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি হত্যাকাৰীক শীঘ্ৰেই ফাচী দিব লাগে।
ভুক্তভোগী পৰিয়ালৰ একমাত্ৰ জীৱিত কন্যা অংকিতা ঘোষৰ বিস্ফোৰক ভাষ্য
গোলাঘাটত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ পাছত এতিয়া উন্মোচিত হৈছে ন ন তথ্য। মৃত সংঘমিত্ৰাৰ ভগ্নী তথা মৃত সঞ্জীৱ ঘোষৰ দ্বিতীয়া কন্যা অংকিতা ঘোষে কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। অংকিতাই দাবী কৰা মতে ঘাটক নাজিবুৰ ৰহমান বৰাই সংঘমিত্ৰাক ২০২০ চনত অপহৰণ কৰি নি কলিকতাত ৰাখিছিল। নিজকে ৰিমন বৰা বুলিও পৰিচয় দিছিল নাজিবুৰে। নাজিবুৰে সংঘমিত্ৰাক ব্লেকমেইলিং কৰাৰো অভিযোগ কৰিছে ভগ্নী অংকিতাই।আনকি নাজিবুৰে সংঘমিত্ৰাক ড্ৰাগছৰ ইনজেকশ্বন দি অত্যাচাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অংকিতাই। নাজিবুৰৰ পৰিয়ালৰ লোকে সংঘমিত্ৰাৰ ভগ্নী অংকিতাকো দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰেৰক দিগন্ত কুমাৰ বৰা