নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত পথ দুৰ্ঘটনাত যুৱক প্ৰাণহানি

বিশেষ বাৰ্তা, ১০ ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ চেপন আৰক্ষী চকীৰ অন্তৰ্গত ডোমৰদলঙত কালি আবেলি সংঘটিত এটা ভয়ংকৰ পথ দুর্ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়। নিহত যুৱকজন ডোমৰদলং চাহ বাগিচাৰ তিনি নম্বৰ শ্রমিক লাইনৰ বিপদ তাঁতীৰ পুত্ৰ পৰমিত তাঁতী (৩৫) বুলি জানিব পৰা গৈছে। প্রাপ্ত তথ্য মতে, পৰমিত তাঁতী আৰু জহিদ ৰেঙী নামৰ যুৱক দুজনে ডোমৰদলং মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা এ এছ-০৪ ভি ৯১৪২-নম্বৰৰ টিভিএছ বাইকেৰে ঘৰলৈ আহি থাকোঁতে এক নম্বৰ শ্রমিক লাইনৰ কাষত (চেপন-চফ্রাই- সোণাৰি পথ) এ এছ-২৩ বি চি-০৬১২ নম্বৰৰ ইটা কঢ়িয়াই অনা ৪০৭ ট্রাকে মুখামুখিকৈ খুন্দা মৰাত পৰমিত তাঁতী থিতাতে নিহত হোৱাৰ বিপৰীতে বাইক আৰোহী জহিদ  গুৰুতৰভাবে আহত হয়। আহত যুৱকজনক মৰাণ মেডিকেল চেণ্টাৰত ভর্তি কৰোৱা হৈছে। দুর্ঘটনা সংঘটিত কৰিয়েই ট্রাকখনে পলায়ন কৰিছিল যদিও পিছত চেপন আৰক্ষীয়ে ট্রাকখন জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰেৰক দীপাংকৰ পাল

You might also like