নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰ : শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰিং দুৱৰাপাৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয়।মৃত যুৱকজন গৌৰীসাগৰৰ দাঁতিকাষৰীয়া সোণতলিচিগা নিবাসী নীলকান্ত নাথৰ পুত্ৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা মতে, মৃত অমৰজ্যোতি নাথে এ এছ-০৪ এ বি-০৭৫৮ নম্বৰৰ এখন মটৰ চাইকেলেৰে যোৰহাট দিশৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত একে সময়তে বিপৰীত দিশৰ পৰা গৈ থকা এ এছ-০৪বিচি-৮৮২১ নম্বৰৰ ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। গুৰুতৰভাৱে আহত যুৱকজনক গৌৰীসাগৰ আৰক্ষীয়ে ততালিকে স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু গুৰুতৰভাৱে আহত যুৱকজনক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসালয়লৈ নি থকাৰ পথতে যুৱকজনে শেষ নিশ্বাস ত্যাগ কৰে। আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে পৰিয়ালৰ লোকক চমজাই দিয়াৰ লগতে নিজ ঘৰলৈ নিয়াৰ পাছত এক শোকাকুল পৰিৱেশত যুৱকজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। মৃত্যুৰ সময়ত যুৱকজনে পিতৃ-মাতৃৰ লগতে এজন ভায়েক, আত্মীয়-স্বজনকে ধৰি বহু লোকক ইহসংসাৰত এৰি যায়। শিৱসাগৰৰ জাঁজী দলঙৰ পৰা ডিমৌলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰতি মৰণফান্দত পৰিণত হৈছে। কিয়নো ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণৰ নামত নিয়োজিত ঠিকাদাৰী প্ৰতিষ্ঠানৰ চূড়ান্ত মইমতালিৰ লগতে আধৰুৱা কামৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটো অতি বিপজ্জনক হৈ পৰিছে। ঘাইপথটোৰ দুয়োকাষে খনন কাৰ্য্য চলোৱাৰ ফলত পথৰ দুয়োকাষে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ উপৰি নিৰ্মাণ কৰা পথৰ অংশসমূহৰ কোনো চাইদ বাম নিৰ্মাণ নকৰাকৈ যান-বাহন চলাচলৰ বাবে মুকলি কৰি দিছে। যাৰ ফলত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আনহাতে, নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ এনে চূড়ান্ত মইমতালিৰ বাবে এসপ্তাহৰ পূৰ্বে জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰূপহীমুখৰ মহিলাসকলে ক্ষোভিত হৈ পথ অৱৰোধ কাৰ্য্যসূচীও ৰূপায়ণ কৰিছিল। তাৰ পিছতো কিন্তু আজিপৰ্য্যন্ত জিলা প্ৰশাসনে নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস গোটাব নোৱাৰিলে।
প্ৰেৰক মৃগাংক হাজৰিকা