নামৰূপত হোটেল ব্যৱসায়েৰে স্বাৱলম্বী হোৱাৰ চেষ্টা যুৱকৰ
নিয়মীয়া বাৰ্তা, ২১ মে’ : যি সময়ত যুৱচামে বিশেষ কৈ অসমত এটা চাকৰিৰ আশা কৰি বছৰৰ পিছত বছৰ নিবনুৱা হৈ সময় অতিবাহিত কৰিছে তেনে সময়তে নামৰূপত এজন যুৱকে হোটেল ব্যবসায়েৰে স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজি নামৰূপৰ চহৰৰ মাজমজিয়াত পংকজ কুমাৰ নামৰ যুৱক জনে নিজা প্ৰচেষ্টাৰে পংকজ চুইটচ এণ্ড ফাষ্ট ফুড নামেৰে এখন আটকধুনীয়া ৰেষ্টোৰেণ্ট আৰম্ভ কৰি স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰে। সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানখনত গণেশ স্তোত্ৰ পাঠ কৰি ফিতা কাটি শুভাৰম্ভ কৰে সাংবাদিক স্মৃতিৰেখা কলিতাই। নামৰূপৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থকা উদ্ধোধনী অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথিসকলে শুভেচ্ছামূলক বক্তব্য ৰাখে।
প্ৰেৰক স্মৃতিৰেখা কলিতা