নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰত প্ৰেমৰ পৰিণতিতে যুৱতীৰ আত্ম*হনন, অকলশৰীয়া মাতৃৰ হাহাকাৰ

বিশেষ বাৰ্তা, ১৯ মাৰ্চ : প্ৰেমৰ পৰিণতিতে এগৰকী যুৱতীয়ে চৰম পথ বাচি লবলগীয়া হোৱা এক ঘটনাই চাৰিদুৱাৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাৰিদুৱাৰ ভবোলা-কালাপাহাৰ গাঁৱৰ প্ৰয়াত শিৱলাল নেৱাৰ আৰু হীৰা নেৱাৰৰ কন্যা ৰবিনা নেৱাৰে আজি নিজ শোৱনি কোঠাত চিপ লৈ আত্মহত্যা কৰে। এই ঘটনা সন্দৰ্ভত ৰবিনাৰ পৰিয়ালে প্ৰেমজনিত কাৰণতে চৰণ পথ বাচি লোৱা বুলি দাবী কৰি ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীক এজাহাৰ দাখিল কৰিছে। ৰবিনা নেৱাৰৰ মাতৃ হীৰা নেৱাৰে দাখিল কৰা এজাহাৰত উল্লেখ কৰে যে ‘ মোৰ ছোৱালীৰ সৈতে জামুগুৰি, ৰঙাচকুৱা ২নং বটামাৰীৰ ধন বাহাদুৰ নেৱাৰৰ পুত্ৰ ৰাহুল নেৱাৰৰ সৈতে বিগত ৭ বছৰে প্ৰেমৰ সম্পৰ্ক আছিল। ৰাহুলৰ মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি মোৰ ছোৱালীয়ে আত্মহত্যা কৰিছে বুলি সন্দহ হয় বুলি উল্লেখ কৰিছে। ইফালে পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে আন দিনাৰ দৰে কালি নিশাও দুয়োৱে মোবাইল ফোনত কথা বতৰা পাতিছিল আৰু তেতিয়াই দুয়োৰে মাজত হোৱা বাদ বিবাদৰ পৰিণতিতে চৰম সিদ্ধান্ত গ্ৰহণ কৰে বুলি সন্দেহ প্ৰকাশ কৰি পুৱাহে ৰবিনাৰ নিথৰ দেহ ওলমি থকা প্ৰত্যক্ষ কৰি ওচৰ চুবুৰীয়াক দুখৰ খবৰটি দিয়ে। প্ৰায় ২২ বছৰীয়া ৰবিনা এগৰাকী মেধা সম্পন্ন ছোৱালী আছিল। ইতিমধ্যে নাৰ্ছিং শিক্ষা সম্পূৰ্ণ কৰাৰ লগতে বিমান সেৱাত কাম কৰাৰ প্ৰবল ইচ্ছা থকা বিনাই ইয়াৰ হোষ্টেলৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি বিগত ৩ মাহ মান ঘৰতে বহি আছিল। তাই কাম কৰাৰ প্ৰবল ইচ্ছা থকা স্বত্তেও একমাত্ৰ প্ৰেমিক ৰাহুলৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল বুলি নিকট আত্মীয় অভিযোগ তোলে সংবাদ মাধ্যমৰ আগত। নিজ কন্যাক হেৰুৱাই স্বামীহীনা হীৰা নেৱাৰে এই ঘটনাৰ এক উচিত তদন্তৰ দাবী তুলি ৰাহুল বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাৱী তোলে। আনহাতে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত উক্ত ঘটনাৰ এটা গোচৰ ৰুজু কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰিছে।
You might also like