বিশেষ বাৰ্তা, ৫ জুলাই : আজি বিহালী বৰগাঙত যুৱতী এগৰাকীৰ সলিল সমাধি ঘটে। প্ৰাপ্ত বাতৰি মতে বৰগাং চাহ বাগিচাৰ ইটাখোলা লাইনৰ দেৱাৰু মুণ্ডাৰ ১৫ বছৰীয়া কন্যা সুনিতা মুণ্ডা ভনীয়েকৰ সৈতে বিয়লি ৰেল লাইনৰ কাষত নামকাটা নদীত গা ধুৱলৈ বুলি নদীখনত নামf দ পানীত সোমাই ডুব যায়। লগে লগে হুৱাদুৱা লাগে আৰু ঘটনাস্থলীত বহু লোকৰ সমাগম ঘটে । সম্ভেদ ক্ৰমে বৰগাং আৰক্ষীও ঘটনাস্থলীত গৈ উপস্থিত হয়। একাংশই নদীখনত নামি কিছু সময় বিচাৰ-খোঁচাৰ কৰাত যুৱতীগৰাকীক উদ্ধাৰ কৰি লগে লগে বৰগাং মডেল হাস্পতাললৈ অনা হয় যদিও ইয়াত চিকিৎসকে পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে। পিছত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহ মাৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। এই মৰ্মান্তিক ঘটনাই বাগিচা খনত গভীৰ শোকৰ ছাঁ পৰে।
প্ৰেৰক অমিতাভ বৰুৱা