নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ মে’ : গুৱাহাটী মহানগৰীত যুৱতীক পুনৰ ছুৰিকাঘাত। ছুৰীৰে হানি খুঁচি হত্যা কৰাৰ চেষ্টা এগৰাকী যুৱতীক। বেলতলা ছাৰ্ভেৰ আস্থা এপাৰ্টমেণ্টৰ ৩য় মহলাত সংঘটিত হৈছে এই ঘটনা। অংকিতা দাস নামৰ যুৱতীগৰাকীক হত্যা কৰাৰ চেষ্টা চলায় এজন যুৱকে। যুৱতীগৰাকী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্মৰত। অংকিতা দাসৰে সহকৰ্মী অমিত ভৌমিকে ছুৰীৰে হানি খুঁচি হত্যা কৰাৰ চেষ্টা চলায়। উল্লেখ্য যে দুদিন পূৰ্বে যুৱতীগৰাকীক অনুসৰণ কৰা বুলি দিছপুৰ থানাত এজাহাৰ দিছিল অমৃত ভৌমিকৰ বিৰুদ্ধে যুৱতীগৰাকীয়ে। কালি সন্ধিয়া ছুৰীৰে ডিঙি, পেট, হাতত আঘাত কৰে অমৃত ভৌমিকে। অংকিতা দাসৰ সৈতে থকা আন এজন যুৱককো ছুৰীৰে আঘাত কৰাৰ অভিযোগ উঠিছে অমিত ভৌমিকৰ বিৰুদ্ধে। উল্লেখ্য যে আন দিনা যুৱতীগৰাকীৰ লগত মাতৃ থাকে যদিও আজি মাতৃ নথকাৰ সুযোগ লৈ সংঘটিত কৰে এই ভয়ংকৰ ঘটনাটো। বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী। সমগ্ৰ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।