নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্ৰেডিং গোচৰত অভিযুক্ত চুমি-তাৰ্কিকক নৈশ আশ্ৰয় দি আটক বোকাখাতৰ যুৱক

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ ৰাজ্য জোকাৰি যোৱা বিশাল ফুকন আৰু চুমি বৰাৰ ট্ৰেডিং গোচৰৰ তদন্তত অভিযুক্ত চুমি বৰা আৰু তাৰ্কিক বৰাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা বোকাখাতৰ দুই যুৱকক কালি নিশা বোকাখাত আৰক্ষীয়ে আটক কৰি অধিক সোধাপোছাৰ বাবে আজি ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে। অভিযুক্ত বোকাখাতৰ মিলনপুৰ গাঁৱৰ চন্দন নাথক নিশা প্ৰথমে আটক কৰাৰ পিছত বোকাখাত লতাবাৰীৰ শোভনজ্যোতি কুৰ্মীকো নিশাই বোকাখাত আৰক্ষীয়ে আটক কৰে। যোৱা ৩ ছেপ্টেম্বৰৰ নিশা শোভনজ্যোতি কুৰ্মীৰ ঘৰত আশ্ৰয় লৈছিল চুমি বৰা আৰু তাৰ্কিক বৰাই। এই কাৰ্যত শোভনৰ বন্ধু চন্দন নাথেও সহযোগ কৰাৰ তথ্য লাভ কৰিছিল চিআইডি, অসম আৰক্ষী আৰু বোকাখাত আৰক্ষীয়ে। ২০১৬ চনৰ পৰাই তাৰ্কিকৰ সৈতে সহযোগী হিচাপে কাম কৰি আহিছিল বোকাখাত লতাবাৰীৰ শোভনজ্যোতি কুৰ্মীয়ে। সেই সম্পৰ্ক থকাৰ সোধাপোছাৰ বাবেই আজি চিআইডিয়ে গুৱাহাটীলৈ তলব কৰিছিল শোভনজ্যোতি কুৰ্মীক। কিন্তু যোৱানিশা বোকাখাত আৰক্ষীয়ে চন্দন নাথৰ লগতে শোভনজ্যোতি কুৰ্মীক আটক কৰাত শোভনৰ চিআইডিৰ ওচৰলৈ যোৱা নহ’ল৷ অভিযুক্ত দুয়োকে বোকাখাত আৰক্ষীয়ে আটক কৰাৰ পিছত চুমি-তাৰ্কিকৰ পলায়নৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে৷ এক বিশেষ সুত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি প্ৰথম অৱস্থাত মাতৃৰ নামত থকা শোভনজ্যোতি কুৰ্মীৰ এ এচ ০১ বিডি ৯২৮৭ হুণ্ডাই আই১০ স্পৰ্টছ গাড়ীখন লৈয়ে চুমি বৰা আৰু তাৰ্কিক বৰা পলাই আছিল ৷ যোৱা ৩ ছেপ্টেম্বৰৰ নিশা শিল্পী দীক্ষুক সাক্ষাৎ কৰি পুনৰ বোকাখাত লতাবাৰীৰ শোভনজ্যোতি কুৰ্মীৰ ঘৰত উপস্থিত হৈছিল চুমি বৰা আৰু তাৰ্কিক বৰা ৷ তাৰ পিছতেই আনজন অভিযুক্ত চন্দন নাথৰ ককায়েকৰ এ এচ ০৬ পি ০৬৫৭ নম্বৰৰ বগা ৰঙৰ চেভ্ৰলেট বীট এলএচ গাড়ীখন লৈ বোকাখাত লতাবাৰীৰ শোভনজ্যোতি কুৰ্মীৰ ঘৰৰ পৰা পলায়ন কৰিছিল চুমি-তাৰ্কিকে৷ যোৱা ৩ ছেপ্টেম্বৰত শোভনজ্যোতি কুৰ্মীৰ ঘৰত বাহৰ পাতি আছিল চুমি-তাৰ্কিকে৷ চন্দনক শোভনজ্যোতিয়ে মাতৃৰ অসুখ বুলি কৈ মাতৃক চিকিৎসালয়লৈ নিব লাগে বুলি গাড়ীখন লৈ মাতি পঠায় ৷ চন্দনৰ ককায়েকে গাড়ীখন চেকেণ্ডহেণ্ড হিচাবে ক্ৰয় কৰিছিল যোৱা এমাহৰ পূৰ্বে ৷ এতিয়াও গাড়ীখন চন্দনৰ ককায়েকৰ নামত টেন্সফাৰ হোৱা নাই৷ গেৰেজত বনাবলৈ দিয়া গাড়ীখন চন্দনে ঘৰৰ কাকোৱেই নজনোৱাকৈ যোৱা ৩ ছেপ্টেম্বৰৰ নিশা শোভনজ্যোতি কুৰ্মীৰ ঘৰলৈ লৈ গৈছিল৷ গাড়ী লৈ চন্দন নাথ শোভনজ্যোতি কৰ্মীৰ ঘৰ পোৱাৰ পিছত সেইখন গাড়ী লৈয়ে চুমি-তাৰ্কিক গুৱাহাটীলৈ বুলি পুনৰ পলায়ন কৰিছিল ৷ ইফালে তাৰ্কিকৰ সহযোগী বোকাখাতৰ লতাবাৰীৰ শোভনজ্যোতি কুৰ্মীৰ গাড়ীখন চুমি বৰা আৰু তাৰ্কিক বৰাই ব্যৱহাৰ কৰা তথ্য বোকাখাত আৰক্ষীয়ে লাভ কৰি আজি বোকাখাত লতাবাৰীৰ শোভনজ্যোতি কুৰ্মীৰ ঘৰৰ পৰা বোকাখাত আৰক্ষীয়ে শোভনৰ মাতৃৰ নামত থকা হুণ্ডাই আই১০ স্পৰ্জ গাড়ীখন জব্দ কৰিছে৷ কি কাৰণত শোভনজ্যোতিৰ মাতৃৰ নামত থকা গাড়ীখন জব্দ কৰিছে জনোৱা নাই৷ ইতিমধ্যে অধিক সোধাপোছাৰ বাবে বোকাখাত আৰক্ষীৰ এটা দলে চন্দন নাথ আৰু শোভনজ্যোতি কুৰ্মীক লৈ ডিব্ৰুগড়লৈ ৰাওনা হৈছে ৷
প্ৰেৰক সুদীপ্ত তামুলী
You might also like