নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম–নাগালেণ্ড সীমান্তত বন্দুকসহ যুৱক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ বোকাজানৰ অসম–নাগালেণ্ড সীমান্তৰ বালিজানত আৰক্ষীয়ে আজি বিয়লি এটা হস্তনির্মিত পইণ্ট ২২ বন্দুক জব্দ কৰে৷ ঘটনাৰ বিৱৰণী অনুসৰি এক বিশেষ সূত্রৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে সীমান্ত এলেকাত অবৈধ মাৰণাস্ত্রসহ এজন লোক ঘূৰি ফুৰাৰ তথ্য লাভ কৰে৷ উক্ত তথ্যৰ ভিত্তিত আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত খটখটি থানাৰ ভাৰপ্রাপ্ত বিষয়া মৌবলিক ব্রহ্ম আৰু কাৰাগাঁও টহলদাৰী চকীৰ ভাৰপ্রাপ্ত বিষয়া অৰুণ নাথৰ সহযোগিতাত তালাচী অভিযান চলায়৷

অভিযানৰ সময়ত এখন যাত্রীবাহী অটোৰিক্সাত আৰক্ষীয়ে তালাচী চলাই বন্দুকটো উদ্ধাৰ কৰাৰ লগতে এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়৷ ধৃত লোকজনৰ পৰা এটা পইণ্ট ২২ বন্দুক, এটা মেগজিন আৰু পইণ্ট ২২ এম এমৰ তিনি জাই সক্রিয় গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে৷ ধৃত লোকজন নাগালেণ্ডৰ ক’হিমাৰ নেইলাচ আও (৫০) বুলি চিনাক্ত কৰা হৈছে৷ বর্তমান খটখটি আৰক্ষীয়ে আটকাধীন লোকজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

You might also like