নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰ : হোজাইৰ ডবকাৰ ভগীৰাম গাৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা নিচাযুক্ত দ্ৰৱ্যৰ আসক্তিকৰণ কেন্দ্ৰটোৰ বাথৰুমৰ খিৰকীৰ গ্ৰীল ভাঙি নজনকৈ ড্ৰাগছ আসক্ত যুৱক পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই লৈ কেন্দ্ৰটোৰ পৰিচালনা কৰা কৰ্তৃপক্ষ আৰক্ষীৰ কাষ চাপিছে । ডবকা আৰক্ষীয়ে পলাই যোৱা যুৱককেইজনক বিচাৰি আৰম্ভ কৰিছে অভিযান ৷ কেন্দ্ৰটোত থকা মুঠ ১৫জন ড্ৰাগছ আসক্ত যুৱকৰ মাজৰে পৰা ৯জন যুৱক পলায়ন কৰক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে অভিযান চলাইছে যদিও মাত্ৰ এজন যুৱকক উদ্ধাৰ কৰিব পৰিছে বুলি আৰক্ষী সুত্ৰে প্ৰকাশ ৷ ঘটনাটো যোৱা নিশা সংগঠিত হৈছিল যদিও আজিহে সমস্ত ঘটনা পোহৰলৈ আহে৷ কেন্দ্ৰটোৰ পৰা পলায় যোৱা যুৱককেইজন ডবকাৰ লগতে হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ বুলি জানিব পৰা গৈছে ৷ যুৱক কেইজন পলায় যোৱা সন্দৰ্ভত কেন্দ্ৰটোৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত মুখ খুলা নাই যদিও গ্ৰিল আতৰাই ৱাল কৰি দিছে বুলি জানিব পৰা গৈছে ৷কেন্দ্ৰটো ডবকাৰ নৰ্থ ইষ্ট ৰোৰেল ৱেলফেয়াৰ চচাইটি নামৰ এটা ব্যক্তিগত সংস্থাই পৰিচালনা কৰি আছে ৷
প্ৰেৰক কিশলয় দেৱগোস্বামী