নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাৰ ৰাণীগঞ্জত তিনি বছৰে যুৱক নিৰুদ্দিষ্ট : শোকস্তব্ধ পৰিয়াল

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : বিলাসীপাৰা মহকুমাৰ ৰাণীগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত হেলাগাড়ী গাঁৱৰ এজন যুৱক তিনি বছৰ ধৰি নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লোক শোকত ভাগি পৰিছে। জানিব পৰা মতে, হেলাগাড়ী গাঁৱৰ বাসিন্দা ৰাজীৱ লোচন নাথৰ পুত্ৰ দীনবন্ধু নাথ (২৪) ২০২১ চনৰ ১০ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছে। মানসিক বিকাৰগ্ৰস্ত যুৱকজন নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকে প্ৰথমাৱস্থাত নিজে নিজে উভতি আহিব বুলি বাট চাইছিল। পিছে সময় বাগৰাৰ লগে লগে পৰিয়ালৰ লোকে যুৱকজনক বিভিন্ন স্থানত বিচাৰিবলৈ লয়। আজি প্ৰায় তিনি বছৰ উকলিবলৈ হ’ল যদিও যুৱকজনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। উপায়হীন হৈ ৰাণীগঞ্জ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল যদিও আজিপৰ্যন্ত সন্ধান উলিয়াব পৰা নাই। কোনোবাই যুৱকজনৰ সন্ধান পালে ৬০২৬০৫৩০৬৬ নম্বৰত যোগাযোগ কৰিবলৈ দৰিদ্ৰ পৰিয়ালটোৱে কাতৰ অনুৰোধ জনাইছে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like