নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে ধুবুৰীত এজাহাৰ দাখিল যুৱ মৰ্চাৰ

নিয়মীয়া বাৰ্তা, ২৮ জুলাই : লাভ জেহাদৰ প্ৰসংগৰ সৈতে মহাভাৰত আৰু শ্ৰীকৃষ্ণক সাঙুৰি কৰা মন্তব্যৰ বাবে আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰূদ্ধে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ধুবুৰী জিলাৰ তৰফৰ পৰা ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। যুৱ মৰ্চাৰ ধুবুৰী জিলা সভাপতি নিৰ্মাল্য পালে দাখিল কৰা এজাহাৰখনত ভূপেন বৰাই কালি সংবাদ মাধ্যমৰ সন্মুখত কৰা  ভাষ্যই সমগ্ৰ দেশতে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ সম্ভাৱনা থকা বুলি উল্লেখ থকাৰ সমান্তৰালকৈ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে দাবী জনোৱা হৈছে। পিছত উপস্থিত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ভাৰতীয় যুৱ মৰ্চাৰ ধুবুৰী জিলা সভাপতি পালে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই কৰা মন্তব্যৰ বাবে ভাৰতবৰ্ষৰ ৰাইজে আগন্তুক দিনত কংগ্ৰেছক উচিত শিক্ষা দিব বুলি মত প্ৰকাশ কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like