নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ নামনি অসমৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আজি প্ৰতিষ্ঠা দিৱসৰ দিনাই শিক্ষানুষ্ঠানখনৰ গৰিমা অক্ষুণ্ণ ৰখাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ সমিতিৰ সভাপতি বাবুল আলী আহমেদ আৰু সাধাৰণ সম্পাদক লক্ষেশ্বৰ দাস স্বাক্ষৰিত স্মাৰক পত্ৰখনত কয় যে ১৯৫৫ চনৰ ১৬ আগষ্টত বজালীবাসীৰ ত্যাগ আৰু বহু প্ৰচেষ্টাৰ ফলত বজালী মহাবিদ্যালয় প্রতিস্থা হৈছিল। পৰৱৰ্তী সময়ত বজালী মহাবিদ্যালয়ে অসমৰ শৈক্ষিক ক্ষেত্ৰত একক আৰু অনন্য স্থান দখল কৰি বজালীবাসীক গৌৰবান্বিত কৰিবলৈ সক্ষম হয়৷ ২০১৯ চনৰ জুন মাহত ৰাজ্য চৰকাৰে বজালী মহাবিদ্যালয়ক ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত কৰে।এইক্ষেত্ৰত মূখ্যমন্ত্ৰীক বজালীবাসীৰ লগতে পৰিষদেও কৃতজ্ঞতা জ্ঞাপন কৰে৷ কিন্তু ভট্টদেৱ বিশ্ববিদ্যালয় প্ৰতিস্থা লাভ কৰাৰ পিছত সপোনৰ বজালী মহাবিদ্যালয়খন ম্লান পৰা বুলি আক্ষেপ প্ৰকাশ কৰি পৰিষদে কয় যে শেহতীয়াভাৱে বিশ্ববিদ্যালয়খনত উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী বন্ধ কৰি দিয়াত বজালী অঞ্চলৰ আৰ্থিক ভাৱে দুৰ্বল মেধাৱী ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। সেয়েহে বজালী মহাবিদ্যালয়ৰ পূৰ্বৰ গুণ গৰিমা অক্ষুন্ন ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকৰ সাধাৰণ শ্ৰেণীসমূহ বাহাল ৰখাৰ লগতে ভাটদেৱ বিশ্ববিদ্যালয়ৰ আন্তঃগাঠনি উন্নীতকৰণ কৰি শৈক্ষিক বাতাবৰণ ঘূৰাই আনিবলৈ আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ দিনটোত স্মাৰক পত্ৰযোগে মূখ্যমন্ত্ৰীক অনুৰোধ জনায়৷ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ বিৰিঞ্চি কুমাৰ দাসৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত দফীয়া দাবীও প্ৰেৰণ কৰে৷ তেওঁলোকৰ দাবী অনুসৰি পূৰ্বৰ বজালী মহাবিদ্যালয়ৰ দৰে বিশ্ববিদ্যালয়খনত উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক সাধাৰণ শ্ৰেণী সমূহৰ পুনৰ নিয়মীয়া পাঠদান আৰাম্ভ কৰা, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপযোগী হোৱাকৈ আন্তঃগাঠনিৰ উন্নয়ন কৰা আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ মুখ্য চৌহদ (প্রশাসনিকৰ পৰা শৈক্ষিকলৈ) পূৰ্বৰ বজালী মহাবিদ্যালয়ৰ চৌহদতে স্থাপন কৰিবলৈ আহ্বান জনায়৷ আজিৰ এই স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি বাবুল আলী আহমেদ, সাধাৰণ সম্পাদক লক্ষেশ্বৰ দাস, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক বিজন বায়ন, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মণ্টু কুমাৰ শৰ্মা আদি উপস্থিত থাকে৷
প্ৰেৰকঃ কল্যাণ কলিতা