নিয়মীয়া বাৰ্তা, ১০ আগষ্ট : সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ওদালগুৰি জিলা সমিতিৰ এখন সাধাৰণ সভা আজি টংলাত অনুষ্ঠিত হয়। টংলা আঞ্চলিক সমিতিৰ কাৰ্যালয়ত জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বাপ্পী সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত কেতবোৰ গুৰুত্বপূৰ্ণ জাতীয় সমস্যা আৰু বিষয় আলোচনা কৰা হয়। গুৰুত্বপূৰ্ণ এই সাধাৰণ সভাখনত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা কমল চৌধুৰী, বি টি আৰ জ’নেল কমিটীৰ সভাপতি ৰাজীৱ সৰকাৰৰ লগতে জিলাখনৰ অন্তৰ্গত আঞ্চলিক সমিতিসমুহৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে। আজিৰ এই সভাতে পুৰণি সমিতিখন ভংগ কৰি সজল দাসক সভাপতি আৰু গোবিন্দ নাগক সাধাৰণ সম্পাদক হিচাপে লৈ আগন্তুক দ্বি-বৰ্ষৰ বাবে ওদালগুৰি জিলা সমিতিখন নতুনকৈ গঠন কৰা হয় ।
প্ৰেৰক ধীৰেন মহলীয়া