নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতিৰ প্ৰতি যুৱচাম আকৃষ্ট হোৱাটো শুভলক্ষণ : প্ৰমোদ বড়ো

🎯কোকৰাঝাৰত ৭১৮ যুৱক-যুৱতীৰ ইউপিপিএলত যোগদান
ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ৫ মাৰ্চ : কোকৰাঝাৰ সদৰ চহৰৰ হাব্ৰুবাৰীৰ যুৱ ইউপিপিএলৰ কাৰ্যালয় প্ৰাংগনত আজি ইউপিপিএলৰ যোগদান সভা অনুষ্ঠিত হয়। ইউপিপিএল দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৭১৮ যুৱক-যুৱতীয়ে আজি আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ইউপিপিএলত যোগদান কৰা যুৱক-যুৱতীসকলক আৰনাই আৰু দলীয় প্ৰতীক চিহ্ন সম্বলিত গামোচাৰে আদৰণি জনায়। ইপিনে যোগদান সভাৰ অন্তত ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত ৰাজনীতিৰ প্ৰতি যুৱচাম আকৃষ্ট হোৱাটো শুভলক্ষণ বুলি মন্তব্য কৰিছে। যুৱচামে  ৰাজনীতিক যোগদান কৰি সমাজৰ বাবে ভাল কাম কৰিব বিচাৰে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যুৱ-মহিলাসকলৰ বাবে ভাল কাম কৰাৰ বাবেই যুৱচাম বৰ্তমান ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈছে বুলি মত প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে। মহিলাৰ উন্নয়ন আৰু সমাজ সংস্কাৰৰ কাম কৰাৰ বাবেই আজি যুৱচামে ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ দলে দলে যোগদান কৰা বুলিও মন্তব্য কৰিছে প্ৰমোদ বড়োৱে। ইপিনে সাংসদ নৱ কুমাৰ শৰণীয়াক লৈ সাংবাদিকে সোধা এক প্ৰশ্নত্তোৰত প্ৰমোদ বড়োৱে কয় যে সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত ন্যায়ালয়ৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। দুবাৰকৈ সাংসদ হোৱা নৱ কুমাৰ শৰণীয়াক ব্যক্তিগতভাৱে মই সন্মান কৰো বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে। উল্লেখ্য যে আজিৰ যোগদান কাৰ্যসূচীত বিধায়ক লৰেঞ্চ ইছলাৰী, ইউপিপিএলৰ নেত্ৰী প্ৰতিভা ব্ৰহ্মও উপস্থিত আছিল।
প্ৰেৰক শুকুৰ আকন্দ
You might also like