‘তেলচুৰা’ৰ পৰিচালক, জনপ্ৰিয় ইউটিউবাৰ জিতুল ৰাজবংশীৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ কম সময়তে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা ‘ভইচ আছাম’ৰ এটি অন্যতম প্ৰতিভা জিতুল ৰাজবংশী আৰু নাই। কালি নিশা গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাত প্ৰায় ১১.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰতিভাৱান ইউটিউবাৰগৰাকীয়ে।
দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল ৰাজবংশী। যোৱা মঙলবাৰে তেওঁক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। অৱশেষত মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যুক সাৱটি ল’লে তেওঁ। উল্লেখ্য অসমৰ জনপ্ৰিয় ইউটিউব চেনেল ‘ভইচ আছাম’ৰ জনপ্ৰিয় কমেডী ভিডিঅ’ ‘তেলচুৰা’ৰ আঁৰৰ ব্যক্তি আছিল জিতুল ৰাজবংশী। ‘তেলচুৰা’ত তেওঁ জিতেন মাষ্টৰৰ চৰিত্ৰত অভিনয়ো কৰিছিল।
জিতুল ৰাজবংশী তামুলপুৰৰ সৌৰাগুৰি নিৱাসী পৰেশ ৰাজবংশী আৰু নীলিমা ৰাজবংশীৰ জ্যেষ্ঠ পুত্ৰ আছিল। সৰুৰে পৰাই বিভিন্ন কৰ্মৰ মাজেৰে সৃষ্টিশীলতাৰ পৰিচয় দিয়া ৰাজবংশীয়ে ‘তেলচুৰা’ৰ মাজেৰে নিজৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছিল। অতি জনিপ্ৰয় হৈ উঠিছিল তেলচুৰা। অসমীয়া সমাজ জীৱনৰ লগত সম্পৰ্কিত বাস্তৱধৰ্মী প্ৰতিটো ভিডিঅ’ৱে লাভ কৰিছিল জনপ্ৰিয়তা।
পেছাগতভাৱে তেওঁ এগৰাকী টেট শিক্ষক আছিল যদিও কলাৰ জগতখনৰ লগত আছিল ওতপ্ৰোত সম্পৰ্ক। এগৰাকী গীটাৰিষ্ট আৰু তবলা বাদক ৰূপেও অঞ্চলটোত পৰিচিত আছিল তেওঁ। এনে এগৰাকী প্ৰতিভাৱান কলাকাৰৰ মৃত্যুত ভাগি পৰিছে ‘ভইচ আছাম’ৰ সকলো কলা-কুশলীৰ লগতে জিতুল ৰাজবংশীৰ পৰিয়ালবৰ্গ।