নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতিপথাৰত যোৱানিশা অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰি থকা সময়তে একাংশ উদণ্ড যুৱ দৰ্শকে সৃষ্টি কৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ। জুবিনৰ গীতৰ তালে তালে একাংশই উদ্দাম নৃত্য আৰম্ভ কৰি উৎকট চিঞৰ আৰু উদ্দাম নৃত্য চলি থকাৰ মাজতে এচাম উদণ্ড দৰ্শকে দৰ্শকৰ বাবে থকা চকীবোৰ মৰিয়াই মৰিয়াই ভাঙিবলৈ আৰম্ভ কৰে। আৰক্ষী আৰু চি আৰ পিৰে গিজগিজাই থকা অনুষ্ঠানস্থলীৰ উচ্ছৃংখলতা আৰু কাজিয়াৰ এই পৰিৱেশৰ মাজতে শিল্পী জুবিন গাৰ্গেও যুৱকসকলক সংযত হবলৈ আহ্বান জনায়। অৱশ্যে, ইয়াৰ পূৰ্বে স্বভাৱসুলভ ভংগিমাৰে জুবিনে কয়, কাজিয়া কৰিব লাগে, ময়ো কৰিছিলোঁ কিন্তু দৰকাৰী কথাত। উল্লেখযোগ্য যে নৃত্যঞ্জলি কলাকেন্দ্ৰৰ উদ্যোগত দেৰগাঁৱৰ ঐতিহাসিক নৰেন শৰ্মা স্মৃতি পথাৰত ৪ জানুৱাৰীৰ পৰা অনুষ্ঠিত সৰ্বভাৰতীয় নৃত্য নাট্য লোকসংগীত মহোৎসৱৰ কালি আছিল অন্তিম দিন। এই অন্তিম দিনা নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল জুবিন গাৰ্গে। অনুষ্ঠানত জনসমুদ্ৰত ৰূপান্তৰিত হয় নৰেন শৰ্মা স্মৃতি পথাৰৰ বাকৰি। অনুষ্ঠান চলি থকাৰ মাজতে উদণ্ড দৰ্শকে সৃষ্টি কৰে এই তাণ্ডৱ। এফালৰ পৰা চকী ভাঙি এক অভাৱনীয় পৰিবেশৰ সৃষ্টি কৰে নিচাসক্তসকলে। উদণ্ড দলটোৱে অনুষ্ঠানৰ চকী ভাঙি চূৰমাৰ কৰে।
প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী